নিয়মীয়া বাৰ্তা, ২৮ আগষ্ট : শোণিতপুৰৰ অসম-অৰুণাচল সীমান্তৱৰ্তী চাৰিদুৱাৰৰ নামেৰীত সুগৰি পহুৰ মাংসসহ দুজন লোক আটক হোৱা ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে । জানিব পৰা মতে, আজি নামেৰী উদ্যান কৰ্তৃপক্ষই এক গোপন সূত্ৰৰ পম খেদি এখন মটৰচাইলেকেৰে পহু মাংস কঢ়িয়াই নি থকা অৱস্থাত দুজন লোকক আটক কৰে । আটকাধীন লোক দুজনৰ এজন হ’ল নামেৰীৰ সমীপৰ গামানীস্থিত কন্যকা ই’ক’ ৰি’জৰ্টৰ মেনেজাৰ জয় কুমাৰ বুলি জানিব পৰা গৈছে । আনহাতে, যুৱকজনৰ স্বীকাৰোক্তিৰ ভিত্তিত বন বিভাগে ৰি’জৰ্টখনত তালাচী অভিযান চলোৱাত ৰি’জৰ্টখনৰ পৰা পহুৰ মাংস, দুটাকৈ হৰিণৰ শিং, লাওখোলা আৰু কেইবাটাও মোবাইল উদ্ধাৰ কৰিবলৈ সক্ষম হয় । অধিক তথ্যৰ বাবে বন বিভাগে জোৰদাৰ তদন্ত অব্যাহত ৰাখিছে । উল্লেখ্য যে নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত একাংশ সমাজবিৰোধী লোকে বন বিভাগৰ চকুত ধূলি দি জাল, ফান্দ আদি পাতি পহু স্বীকাৰ কৰি তাৰ মাংস অঞ্চলটোৰ বিভিন্ন ঠাইত বিক্ৰী কৰি অহাৰ অভিযোগ দীৰ্ঘদিনীয়া । আন এক নিৰ্ভৰযোগ্য সূত্ৰই জনোৱা অনুসৰি একাংশ লোকে পহু চিকাৰ কৰি তাৰ মাংস কিছুসংখ্যক গাঁৱত গোপনে আনি ৪০০-৫০০ টকা প্ৰতিকেজি বিক্ৰী কৰি আহিছে ।
প্ৰেৰক প্ৰাঞ্জল প্ৰতিম