নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত পঞ্চায়তৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ

নিয়মীয়া বাৰ্তা, ২৮ আগষ্ট : আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি স্বৰূপে নির্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি জোনাই মহকুমা নিৰ্বাচনী বিষয়াই মহকুমাটোৰ ১৫খন পঞ্চায়তৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰে৷ জোনাই মহকুমাৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ সভাকক্ষত সোমবাৰে দিনৰ ১ বজাত এক সংবাদ মেলযোগে জোনাইৰ মহকুমাধিপতি শান্তনু গগৈ আৰু নিৰ্বাচনী বিষয়া গায়ত্ৰী পাতিৰে প্ৰকাশ কৰা খচৰা ভোটাৰ তালিকাৰ তথ্য অনুসৰি, ১৫খন গাঁও পঞ্চায়ত সামৰি যুগুত কৰা নিৰ্বাচন-২০২৩ৰ তালিকা মতে জোনাই মহকুমাৰ মুঠ ভোটাৰৰ সংখ্যা হ’ল ১১৯০২০। ইফালে, মহকুমাটোৰ মুঠ পুৰুষ ভোটাৰৰ সংখ্যা ৬০৩৬৫গৰাকীৰ বিপৰীতে মুঠ মহিলা ভোটাৰৰ সংখ্যা হ’ল ৫৮৬৫৫ গৰাকী।. আনহাতে, যোৱা পঞ্চায়ত নিৰ্বাচনৰ ভোটাৰ তালিকাতকৈ এইবাৰ ১৫৭৪৬ গৰাকী ভোটাৰ অধিক বুলি জানিবলৈ দিয়ে৷ উল্লেখ্য যে প্ৰকাশিত খচৰা ভোটাৰ তালিকা সন্দৰ্ভত দাবী আৰু নিষ্পত্তিৰ বাবে চলিত বৰ্ষৰ ১২ ছেপ্টেম্বৰলৈ আবেদনৰ দিন ধাৰ্য কৰি দিয়া হৈছে৷ লগতে এই খচৰা ভোটাৰ তালিকাখনত জোনাই মহকুমাৰ প্ৰতিটো গাঁও পঞ্চায়ত কার্যালয়, খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় আৰু ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত গৈ প্ৰতিজন ভোটাৰে নিজৰ নিজৰ নাম, তথ্য আদি শুদ্ধকৈ আছে নে নাই চাব পাৰিব । তদুপৰি ওজৰ-আপত্তি থাকিলে নিজৰ সমষ্টিৰ সহকাৰী নিৰ্বাচন পঞ্জীয়ন বিষয়া অথবা মহকুমাধিপতি কাৰ্যালয়ৰ বিষয়াৰ সৈতে যোগাযোগ কৰিবলৈও আহ্বান জনায় প্রশাসনিক বিষয়াদ্বয়ে। পঞ্চায়ত নির্বাচন- ২০২৩ৰ বাবে জোনাই মহকুমাৰ ২টা জিলা পৰিষদ সমষ্টি আছে ৷

প্ৰেৰক কৰবী দলে

You might also like