নিয়মীয়া বাৰ্তা, ২৮ আগষ্টঃ উজনি অসমৰ কেউখন জিলাত থকা এয়াৰটেল কোম্পানীৰ মবাইল টাৱাৰ সমুহত নিয়োজিত হৈ থকা বাৰশ শ্ৰমিকক শেহতীয়াকৈ প্ৰতিস্থানটোৱে পৰিকল্পিত ষড়যন্ত্ৰৰে চাকৰিৰ পৰা চাটাই কৰিব লোৱা হঠকাৰী কাৰ্য্যৰ বিৰুদ্ধে আজি শিৱসাগৰ উত্তাল তুলিলে সহস্ৰাধীক দুৰ্ভগীয়া খিলঞ্জীয়া শ্ৰমিকে ৷বীৰ লাচিত সেনা অসমৰ সহযোগত জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত সাব্যস্ত কৰা প্ৰতিবাদী কাৰ্য্যসূচীত ক্ষুদ্ধ কৰ্মচাৰী সকলে পুজিঁপতি গোষ্ঠী ইণ্ডাচ মবাইল টাৱাৰ কোম্পানীৰ বিৰুদ্ধে গৰজি উঠে ৷শ্ৰমিক আইন মুকলিকৈ ভংগ কৰি শ্ৰমিক সকলক ন্যায্য প্ৰাপ্তিৰ পৰা বঞ্চিত কৰা ভয়ংকৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে সংঘবৰ্ধ হোৱা কৰ্মচাৰী সকলে ইণ্ডাচ টাৱাৰ কোম্পানী মুৰ্দাবাদ / ৰাজেন্দ্ৰ সিং মুৰ্দাবাদ, অভিলাশ গুপ্তা মুৰ্দাবাদ / এয়াৰটেল গ বেক ধ্বনীৰে প্ৰতিবাদস্থলী উত্তাল কৰি তুলে ৷ উল্লেখ্য যে ২০০৫ চনৰ পৰা উজনিৰ আনস্থানৰ লগতে শিৱসাগৰ জিলাতো সেই সময়ত ভাৰতী এয়াৰটেল কোম্পানীয়ে স্থাপন কৰা টাৱাৰ সমুহৰ চোৱা- চিতা সুৰক্ষাৰ বাবে এই সকল যুৱকক মকৰল কৰিছিল৷ অতি নূন্যতম দৰমহাত জীৱনৰ মূল্যবান সময় খিনি টাৱাৰৰ সুৰক্ষাত অতিবাহিত কৰা সেই সময়ৰ চফল ডেকা আৰু বৰ্তমানৰ জীৱনৰ মধ্য বয়সত উপনীত হোৱা ব্যক্তি সকললৈ অন্ধকাৰ নমাই আনে ইণ্ডাচ নামৰ প্ৰতিস্থানটোৱে ৷ভাৰতী এয়াৰটেলৰ পৰা মবাইল টাৱাৰৰ কৰ্তৃত্ব লাভ ইণ্ডাচ টাৱাৰ নামৰ প্ৰতিস্থানটোৰ মূখ্য কাৰ্য্যবাহী বিষয়া ৰাজেন্দ্ৰ সিং গুৰুং, সহ মূখ্য কাৰ্য্যবাহী বিষয়া অভিলাশ গুপ্তাই ষড়যন্ত্ৰমূলকভাৱে অসমীয়া শ্ৰমিকসকলক টাৱাৰৰ চোৱা চিতাৰ দায়িত্বৰ পৰা অব্যাহতি দিয়াৰ ষড়যন্ত্ৰ ৰঁচাৰ অভিযোগ উঠিছে ৷ প্ৰায় দুঘন্টাজোৰা প্ৰতিবাদী কাৰ্য্যসূচীৰ মাজতেই মবাইল টাৱাৰ কেয়াৰ সন্থাৰ শ্ৰমিকসকলৰ স্বাক্ষৰিত এখন পত্ৰ জিলা আয়ুক্তৰ যোগেদি মুখ্যমন্ত্ৰীলৈ এই স্পৰ্শকাতৰ বিষয়টোত হস্তক্ষেপ কৰিবলৈ আহব্বান জনায়৷ প্ৰতিবাদী কাৰ্য্যসূচীত উজনি অসমৰ আটাইকেইখন জিলাৰ টাৱাৰৰ চোৱা চিতাৰ দায়িত্বত থকা কৰ্মচাৰীসকলে অংশ গ্ৰহণ কৰে ৷
প্ৰেৰক আশ্ৰফুৰ ৰহমান