🔹 আৰক্ষীৰ তদন্ত আৰম্ভ, হত্যাকাৰী পলাতক
বিশেষ বার্তা, ২৮ আগষ্ট : বৰগাং আৰক্ষী চকীৰ অন্তর্গত ৰঙাগড় চাহ বাগিচাৰ ৩ নং লাইনত এক হত্যাকাণ্ড সংঘটিত হয়। ৰঙাগড় গাঁওৰক্ষী বাহিনীৰ সম্পাদক দীপক মহাপাত্ৰৰ পৰা প্ৰাপ্ত বাতৰি মতে, বাগিচাখনৰ ৩ নং লাইনৰ নৰ্ছিং ভূমিজ নামৰ ব্যক্তিজনৰ পত্নী ৪৫ বছৰীয়া যমুনা ভূমিজৰ মৃতদেহ আজি ঘৰৰ ভিতৰত উদ্ধাৰ হয়। ৰাইজে সন্দেহ কৰা মতে, স্বামী নৰ্ছিং ভূমিজৰ হাততে মহিলাগৰাকীৰ মৃত্যু হৈছে। কাৰণ শনিবাৰে নিশা দুয়োৰে মাজত বাকবিতণ্ডা হৈছিল আৰু নৰ্ছিংয়ে যমুনাক উপৰ্যুপৰি লাঠীৰে প্ৰহাৰ কৰাত যমুনা গুৰুতৰভাৱে আহত হয়। সেই অৱস্থাত যমুনাক জোঁৱায়েকে জন ভূমিজৰ গৃহত নি চিকিৎসা আদি কৰোৱাই আজি ঘৰলৈ অনা হয় যদিও আহাৰ গ্ৰহণ কৰাৰ পাছত বমি হয় আৰু দিনৰ ২ মান বজাত মৃত্যু হয়। অৱশ্যে ইতিমধ্যে বৰগাং আৰক্ষী গৈ ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে বিহালীলৈ প্ৰেৰণৰ ব্যৱস্থা কৰে যদিও স্বামী নৰ্ছিং ভূমিজ বৰ্তমান পলাতক অৱস্থাত আছে।
প্ৰেৰক অমিতাভ বৰুৱা