নিয়মীয়া বাৰ্তা, ২৯ আগষ্ট : ধুবুৰী জিলাৰ বিলাসীপাৰাৰ কুৰ্শাকাটিত সংঘটিত লোমহর্ষক হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে ৪গৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে। গ্ৰেপ্তাৰ হোৱা ৪গৰাকীৰ ভিতৰত শিলচৰৰ পৰা হামিদুল ইছলাম (৩৪) আৰু হাইলাকান্দিৰ পৰা ৰাখিজুল হকক (২৮) গ্ৰেপ্তাৰ কৰা হৈছে। এই দুয়োগৰাকী ৰাণীগঞ্জৰ কুৰ্শাকাটিৰ বুলি জানিব পৰা গৈছে। তদুপৰি ৰাণীগঞ্জৰ বেলটাৰীৰ পৰা আমিৰ হুছেইন (৩৩) আৰু আমিনুল হককো (৩০) গ্ৰেপ্তাৰ কৰে। এই দুজন ৰাণীগঞ্জৰ বেলটাৰীৰ বুলি জানিব পৰা গৈছে। আমিৰ হুছেইন ৰাণীগঞ্জ আৰক্ষী চকীৰ অস্থায়ী গাড়ী চালক হিচাপে কৰ্মৰত। উল্লেখ্য যে বিলাসীপাৰাৰ ৰাণীগঞ্জৰ কুৰ্শাকাটিত শ্বাহজালাল হুছেইন আৰু তেওঁৰ পত্নী নাৰ্জিনা বেগমক শোৱাপাটীতে দুৰ্বৃত্তই চোকা অস্ত্ৰৰে হানি-খুঁচি হত্যা কৰিছিল। সেই ঘটনাক লৈ সমগ্ৰ ৰাজ্যখনত সৃষ্টি হৈছিল চাঞ্চল্য। এই হত্যাকাণ্ড ভূমিকেন্দ্ৰিক সংঘাতৰ পৰিণতি বুলি জানিব পৰা গৈছে।
প্ৰেৰক সমৰেশ শীল শৰ্মা