বিশেষ বাৰ্তা, ২৯আগষ্ট : বিশ্বনাথত এইবাৰ ৰাইজৰ অভিনৱ প্ৰতিবাদ। পথ নিৰ্মাণৰ দাবীত ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত কৰিলে বিশ্বনাথৰ দাঁহাটাৰ গাঁৱৰ ৰাইজে। বিশ্বনাথৰ বামুণীপথাৰ গাঁও পঞ্চায়ত এলেকাৰ ৭ নং দাঁহাটাৰৰ পথটি অতি বিধ্বস্ত হৈ পৰিছে। দাঁহাটাৰ মুণ্ডাবস্তি আৰু ১ নং দিৰিং সংযোগী প্ৰায় ৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটিৰ অৱস্থা অতি শোচনীয় হৈ পৰাত ৰাইজ অতিষ্ঠ হৈ পৰিছে। পথৰ মাজত ভুঁই ৰুই প্ৰতিবাদ সাৱ্যস্ত কৰি ৰাইজে জনপ্ৰতিনিধিকো তীব্ৰ সমালোচনা কৰে। বিধ্বস্ত পথছোৱা নিৰ্মাণ কৰি যাতায়াতৰ সুচল কৰি তুলিবলৈ ৰাইজে ৰাজ্য চৰকাৰখনক বহুবাৰ আবেদন কৰিছিল যদিও একো কামত নাহিল। ফলত ক্ষুব্ধ ৰাইজে পথতে কঠীয়া ৰুই প্ৰতিবাদ সাৱ্যস্ত কৰে। উল্লেখ্য যে এই পথছোৱাৰে নিতৌ ছাত্ৰ-ছাত্ৰীৰ লগতে ৰাইজে অহা-যোৱা কৰি আহিছে৷ ৰাইজে যাতায়াতৰ ক্ষেত্ৰত ভুগিবলগীয়া হয় চৰম দুৰ্ভোগ। এজাক বৰষুণতে বোকাময় হৈ পৰা পথছোৱা নিৰ্মাণ কৰিবলৈ স্থানীয় বিধায়ক তথা বিভাগীয় কৰ্তৃপক্ষক ৰাইজে দাবী জনাইছে।
প্ৰেৰক জয়ন্ত বৰা