নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

 কেন্দুগুৰিত সুলভ মূল্যৰ চাউল আত্মসাৎ

🔹 জিলা আয়ুক্তক অভিযোগ দাখিল গাঁওবাসীৰ
নিয়মীয়া বাৰ্তা,  ২৯ আগষ্ট : দৰঙৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অন্তৰ্গত কেন্দুগুৰি গাঁৱৰ সুলভ মূল্যৰ দোকানী জামিৰ হুচেইনে চৰকাৰীভাৱে যোগান ধৰা চাউল আত্মস্যাৎ কৰাৰ অভিযোগ উঠিছে । দোকানখনৰ ৭০গৰাকী লোকে এই লৈ যোৱা ১৭ আগষ্টত জিলা আয়ুক্তক লিখিত অভিযোগ দাখিল কৰে । গাঁওবাসীয়ে দিয়া অভিযোগ মতে, দোকানীজনে দীৰ্ঘদিন ধৰি উপভোক্তাই পাবলগীয়া চাউল যোগান নধৰি আত্মস্যাৎ কৰি আহিছে । গাঁৱৰ দৰিদ্ৰ কৃষকে মাহে মাহে চাউল পাব লাগে যদিও ৰাইজে মাজে মাজে চাউল নোপোৱাত সমবায়ে  চাউল যোগান নধৰা বুলি আত্মপক্ষ সমৰ্থন কৰি আহিছে । শেহতীয়াভাৱে জুন মাহত গাঁওখনৰ একাংশ লোকক চাউল দিয়েই চাউল শেষ হোৱা বুলি কোৱাত ৰাইজ জাঙুৰ খাই উঠে । অকল এয়াই নহয়, জুলাই মাহৰ চাউলো ১৭ আগষ্টলৈকে দিয়া নাছিল যদিও ৰাইজৰ আবেদন জিলা আয়ুক্তৰ ওচৰত পৰাৰ দিনাই সমবায়ৰ সৈতে মিলি ৰাতিৰ ভিতৰতে চাউল আনি পিছদিনাৰ পৰাই বিতৰণ কৰিব খোজে যদিও একাংশ ৰাইজে চাউল লোৱাৰ পৰা বিৰত থাকে । প্ৰণিধানযোগ্য যে ক’ভিডকালীন সময়তো এই দোকানীজনে চাউল আত্মস্যাৎ কৰাৰ অভিযোগ তোলে গাঁওবাসীয়ে এই প্ৰতিবেদকক । তাৎপৰ্যপূৰ্ণ যে বিগত ১৭ আগষ্টত গাঁওবাসীয়ে অভিযোগ দিয়াৰ পাছতো একো পদক্ষেপ আগ নবঢ়াত চিন্তিত হৈ পৰিছে গাঁওবাসী ।
প্ৰেৰক চক্ৰধৰ ডেকা
You might also like