বিশেষ বাৰ্তা, ২৯ আগষ্টঃ লখিমপুৰ নগৰ এলেকাত চলিছে কুকুৰৰ সন্ত্ৰাস। যোৱা কিছু দিনৰ পৰা নগৰ এলেকাত পথচাৰী,যান বাহনৰ আৰোহী কুকুৰৰ আক্রমণৰ বলি হবলগীয়া হৈছে। কালিৰ দিনটোতে নগৰ এলেকাত চৈধ্য জনকৈ লোকক কুকুৰে কামুৰি আহত কৰে। নগৰখনত একপ্ৰকাৰে সন্ত্ৰাস সৃষ্টি কৰিছে কুকুৰে। কুকুৰৰ এনে সন্ত্ৰাসত ৰাইজ শংকিত হৈ পৰিছে। বিশেষকৈ বিদ্যালয়ৰ ছাত্র ছাত্রীসকলক লৈ অভিভাবকসকল উদ্বিগ্ন হৈ পৰিছে। এনে পৰিস্থিতিত আজি জিলা তথ্য আৰু জনসংযোগ বিভাগে নগৰখনত মাইকযোগে সচেতনতামূলক প্ৰচাৰ চলায়। কুকুৰৰ আক্রমণত আহতসকলক অন্ধবিশ্বাসৰ বলি হৈ চিকিৎসা নকৰিবলৈ আহ্বান জনোৱাৰ লগতে চিকিৎসকৰ দ্বাৰা উপযুক্ত চিকিৎসা কৰাবলৈ আহ্বান জনায়। লখিমপুৰ জিলা সচেতন নাগৰিক সমাজেও এইক্ষেত্ৰত ৰাইজক সজাগ সচেতন হৈ থাকিবলৈ আহ্বান জনোৱাৰ লগতে স্বাস্হ্য বিভাগক পৰ্যাপ্ত ঔষধ পাতি মজুত ৰাখিবলৈ আহ্বান জনায়।
প্ৰেৰক জীৱন গোস্বামী