নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জি-২০ সন্মিলনৰ বাবে অভেদ্য দুৰ্গত পৰিণত দিল্লী

বিশেষ বাৰ্তা, ৩০ আগষ্টঃ জি-২০ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ভাৰতলৈ আহিব বহিঃদেশৰ ৰাষ্ট্ৰপতিসকল। দেশৰ ৰাজধানী দিল্লীত তেওঁলোকৰ বাবে সকলো ধৰণৰ ব্যৱস্থা কৰা হৈছে। আপুনি জানি আচৰিত হ’ব যে দিল্লীৰ ৩০খনতকৈও অধিক হোটেল বুকিং কৰা হৈছে কেৱল যাতে পৃথিৱীৰ সকলো ডাঙৰ নেতাই তাত থাকিব পাৰে। তাৰ মাজতে চৰ্চিত আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন থকা হোটেলখনৰ বিষয়ে। ইণ্ডিয়া টুডেত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন আৰু তেওঁৰ সমগ্ৰ আমেৰিকান ছিক্ৰেট চাৰ্ভিচ আইটিচি মৌৰ্যত থাকিব। ইয়াত ৪০০টা কোঠা বুকিং কৰা হৈছে। যিহেতু জো বাইডেনৰ সন্দৰ্ভত কোৱা হৈছে যে তেওঁ এই হোটেলখনৰ ১৪নং মহলাত থাকিব। আটাইতকৈ ডাঙৰ কথাটো হ’ল এই মহলালৈ যাবলৈ বিশেষ লিফ্ট এখনো সাজু কৰা হৈছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন থকা হোটেল আইটিচি মৌৰ্য হোটেল দেশৰ শীৰ্ষ হোটেলৰ ভিতৰত গণ্য কৰা হৈছে। বেছিভাগেই ইয়াত কেৱল বিদেশী ভিভিআইপি অতিথিহে থাকে। এই হোটেলখনৰ সমগ্ৰ ভাৰততে শাখা আছে। যদিও এই হোটেলখনৰ বিভিন্ন কোঠাৰ ভাড়া বেলেগ বেলেগ, কিন্তু জো বাইডেন থকা কোঠাটোৰ ভাড়া সৰ্বাধিক। বিজনেছ টুডেত প্ৰকাশিত এক বাতৰি অনুসৰি জো বাইডেন থকা এই হোটেলখনৰ চানক্য ছুইটত এৰাতি থকাৰ ভাড়া প্ৰায় ৮ লাখ টকা। এই ছুইটটো ৪৬০০ বৰ্গফুটত। ইয়াৰ পিছতে ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি সুনাক হোটেল শ্বাংগ্ৰী-লাত থাকিব। আনহাতে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন ক্লাৰিজ হোটেলত থাকিব। চীনৰ ৰাষ্ট্ৰপতি তাজ হোটেলত থাকিব। আনহাতে অন্য দেশৰ ৰাষ্ট্ৰপতিসকলে বিভিন্ন ঠাইত বুকিং কৰা ত্ৰিশখনতকৈও অধিক হোটেলত থাকিব। এই শীৰ্ষ সন্মিলনৰ বাবেই এই সময়ত সমগ্ৰ দিল্লী এখন ছাউনীত পৰিণত হৈছে। বিশেষকৈ ৮ৰ পৰা ১০ তাৰিখৰ বাবে দিল্লী এতিয়া অভেদ্য দুৰ্গ।

You might also like