নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাইল্ডলাইন ওদালগুৰিৰ উদ্যোগত টংলাত সম্বৰ্ধনা অনুষ্ঠান

নিয়মীয়া বাৰ্তা, ৩০ আগষ্ট : ওদালগুৰি জিলা চাইল্ড লাইন টীমৰ উদ্যোগত ৰ’জ এন জি অ’ৰ প্ৰেক্ষাগৃহত (টংলা) আজি এক মত বিনিময় আৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শিশু সুৰক্ষা কৰ্মী তথা ৰ’জ এন জি অ’ৰ সঞ্চালক ললিত বড়োক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। নিৰৱছিন্ন আৰু নিস্বাৰ্থভাৱে শিশুসকলৰ সুৰক্ষিত ভবিষ্যত গঢ়া, নাৰী সৱলীকৰণ, যুৱক-যুৱতীক কৰ্মসংস্থানৰ বাট মোকলাই দিয়াকে ধৰি সমাজ কল্যাণমূলক কাম-কাজেৰে সমাজ জীৱনলৈ যোগাই অহা অৰিহণাৰ স্বীকৃতি স্বৰূপে আজি বিশিষ্ট সমাজ কৰ্মী গৰাকীক সম্বৰ্ধনা পত্ৰ ,স্মাৰক, আৰনাই, পাজাৰ আদিৰে বিপুল সম্বৰ্ধনা জ্ঞাপন কৰে ওদালগুৰি জিলা চাইল্ড লাইন টীমে। সম্বৰ্ধনা গ্ৰহণ কৰি নিজৰ জীৱনৰ বৰ্ণিল অভিজ্ঞতাৰ কথা ব্যক্ত কৰি নতুন প্ৰজন্মক সমাজ আৰু মানুহৰ বাবে কাম কৰি যাবলৈ তেওঁ উৎসাহিত কৰে। চাইল্ড লাইনৰ সংগঠক ফটিক ৰাভাই আঁত ধৰা অনুষ্ঠানত উদ্দেশ্য ব্যাখ্যা আৰু আদৰণী ভাষণ দিয়ে সংগঠক অৰূপ বড়োৱে। ওদালগুৰি চাইল্ড লাইনৰ সমন্বয়ক বেলিনা দৈমাৰী, পৰামৰ্শদাতা হিমাক্ষী ৰাভা, সংগঠক অনচুলা মুছাহাৰী, অৰূপ বড়ো, চিন্ময় ডেকাই ললিত বড়োৰ সৈতে বাল্য বিবাহ, শিশু নিৰ্যাতন, শিশু শ্ৰমিক, আৰ্থিকভাৱে দুৰ্বল শিশুসকলক উদ্ধাৰ কৰা ইত্যাদি শিশু সুৰক্ষামূলক কাম কৰা অভিজ্ঞতা বৰ্ণনা কৰে। অনুষ্ঠানত অংশ লৈ সেস্বাসেৱী অনুষ্ঠান ৰ’জ’ৰ পৰিচালনা সমিতিৰ সভাপতি যোগেশ বৰা, জেষ্ঠ সাংবাদিক গণেশ ডেকাও ললিত বড়োৰ সামাজিক অৰিহণাৰ কথা উল্লেখ কৰি তেওঁৰ কাম-কাজৰ শলাগ লয় ।

প্ৰেৰক ‌ধীৰেন মহলীয়া

You might also like