নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতৰে যুদ্ধ বিমানৰ ইঞ্জিন চুক্তিত অনুমোদন মাৰ্কিন কংগ্ৰেছৰ

বিশেষ বাৰ্তা, ৩১ আগষ্টঃ ভাৰত-আমেৰিকাৰ যুদ্ধ বিমানৰ ইঞ্জিন চুক্তিত অনুমোদন জনাইছে আমেৰিকান কংগ্ৰেছে। এই চুক্তিত আমেৰিকান কংগ্ৰেছৰ কোনো আপত্তি নাই। এই চুক্তিত হিন্দুস্তান এৰ’নটিক্স লিমিটেড (এইচ এ এল) আৰু জি ই এৰ’স্পেচৰ মাজত স্বাক্ষৰিত হৈছে, য’ত অভূতপূৰ্ব প্ৰযুক্তি হস্তান্তৰ, ভাৰতত জেট ইঞ্জিন নিৰ্মাণ আৰু অনুজ্ঞাপত্ৰৰ ব্যৱস্থা অন্তৰ্ভুক্ত কৰা হৈছে। হিন্দুস্তান টাইমছৰ প্ৰতিবেদন অনুসৰি কেপিটেল হিলৰ পৰিঘটনাৰ বিষয়ে অৱগত এজন ব্যক্তিয়ে কয়, “বিধায়িনী পক্ষৰ পৰা স্পষ্ট। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভ্ৰমণৰ পূৰ্বেও এই চুক্তিত অনুমোদন জনোৱা হৈছিল। পদ্ধতি অনুসৰি ষ্টেট ডিপাৰ্টমেণ্টে ২৮ জুলাইত হাউছ আৰু চিনেটৰ বৈদেশিক সম্পৰ্ক সমিতিক অৱগত কৰে। যদি কোনো কংগ্ৰেছৰ প্ৰতিনিধি বা চিনেটে অধিসূচনাৰ ৩০ দিনৰ ভিতৰত আপত্তি নকৰে, তেন্তে ইয়াক সন্মত বুলি গণ্য কৰা হয়। যিহেতু কোনো আপত্তি হোৱা নাই। এতিয়া আমি পৰৱৰ্তী পদক্ষেপৰ দিশে আগবাঢ়িব পাৰিম। অহা মাহৰ ছেপ্টেম্বৰত জি-২০ সন্মিলনৰ বাবে ভাৰত ভ্ৰমণলৈ আহিব আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন। ইয়াৰ সময়ছোৱাত এই চুক্তিখনক আগুৱাই নিয়াৰ বাবে পৰৱৰ্তী পদক্ষেপসমূহৰ বিষয়ে আলোচনা কৰা হ’ব বুলি আশা কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকা ভ্ৰমণৰ সময়ত জি ই এৰোস্পেচ আৰু এইচ এ এলৰ মাজত চুক্তি স্বাক্ষৰ কৰিছিল। আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন আৰু ফাৰ্ষ্ট লেডী জিল বাইডেনৰ আমন্ত্ৰণত আমেৰিকা ভ্ৰমণ কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে। এই সময়ছোৱাত কেৱল এই গুৰুত্বপূৰ্ণ চুক্তিখন ঘোষণা কৰা হৈছিল।

You might also like