নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লখিমপুৰত অব্যাহত বানৰ প্ৰভাৱ

বিশেষ বাৰ্তা, ৩১ আগষ্টঃ যোৱা সোমবাৰৰ পৰা লখিমপুৰ জিলাত আৰম্ভ হোৱা ভদীয়া বানৰ প্ৰভাৱ চতুর্থ দিনৰ দিনাও অব্যাহত আছে। মূষলধাৰ বৰষুণৰ ফলত জিলা খনৰ নৈ সমুহে সৃষ্টি কৰা প্ৰলয়ংকৰী বাবে শতাধিক গাও বুৰাই পেলোৱাৰ লগতে শ শ হেক্টৰ শষ্য ক্ষেত্র বিনষ্ট কৰে। সম্প্রতি বানৰ প্ৰভাৱ সামান্য হ্ৰাস হলেও প্ৰভাৱ অব্যাহত আছে। জিলা প্ৰশাসনৰ তথ্য মতে জিলাখনত ৪৬খন গাঁও এতিয়াও বানৰ কবলত আছে। বিহপুৰীয়া ৰাজহ চক্রত ১৬খন, ঢকুৱাখনা ৰাজহ চক্রত ৬খন, নাৰায়ণ পুৰ ৰাজহ চক্রত ৯খন, আৰু লখিমপুৰ ৰাজহ চক্রত ১৫খন গাঁও বানৰ কবলত আছে। বান আৰম্ভ হোৱাৰ চাৰি দিন হোৱাৰ পাছতো একাংশ নৈৰ জলপৃষ্ঠ এতিয়াও বিপজ্জনক ৰূপ ধাৰণ কৰি আছে। ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ জামুগুৰিত বিপদ সীমাৰ ১.২৪ মিলিমিটাৰ ওপৰত আছে। তেনেদৰে সোৱণশিৰি নৈৰ জলপৃষ্ঠ ঘনচৰাইত ৭৭ মিলিমিটাৰ আৰু শিলিখাগুৰিত বিপদ সীমাৰ ৭৭ মিলিমিটাৰ ওপৰত আছে। লখিমপুৰত ভদীয়া বানৰ তাণ্ডৱত আন অঞ্চল সমুহৰ উপৰি ঘুনাসুতিও বিপৰ্যস্ত হৈছে। লখিমপুৰ জিলাৰ ঘূণাসুতি অঞ্চলৰ কেইবাখনো গাওঁ বালিভেটা, নাহৰণী, উজানতলি, মাধৱপুৰ আৰু মহৰা বৰচাপৰি আদি কেইবাখনো গাওঁ আছে এতিয়া পানীৰ তলত। খাদ্যৰ অভাবত ভুগিছে বানাক্ৰান্ত ই। সমান্তৰালকৈ খাদ্যৰ অভাবে জুৰুলা কৰিছে পশুধনৰো। একে মাহতে ৬ বাৰকৈ বানপানী হোৱাৰ পাছতো  খবৰ নাই জিলা প্ৰশাসনৰ । জিলা প্ৰশাসনৰ সহায় বিচাৰিছে বন্যাতই। মুলতঃ কৃষিআৰু পশুপালন প্ৰধান জীবিকা নিৰ্বাহৰ পথ ঘুনাসুতি বাসীৰ। কিন্তু বলিয়া বানে সকলো তচনচ কৰি পেলালে। শষ্য ক্ষেত্র বিনষ্ট হোৱাৰ লগতে এই বানত পোহনীয়া হাহ কুকুৰা, গাহৰি, গৰু গাই উটি গল। চৌদিশে  কেৱল অথাই সাগৰসদৃশ পৰিবেশত কোনোমতে প্ৰাণ লৈ জীয়াই আছে বন্যা কবলিত এলাকাৰ ৰাইজ। এমুঠি খাদ্যৰ বাবে হাহাকাৰ অৱস্থা। মানুহৰ দৰে ভোকত  কলমলাই  থাকিবলগীয়া হৈছে পোহনীয়া জীৱ জন্তৱে।এনে পৰিবেশ চাবলৈ জন প্ৰতিনিধি অথবা প্ৰশাসন ৰ আহৰি  নাই। যাৰ বাবে ঘুনাসুতিৰ বান কবলিত এলাকাৰ ৰাইজে এতিয়া পেটত ভোক, মনত ক্ষোভ লৈ অনাহাৰে অনিদ্ৰাই  সময় পাৰ কৰিব লগীয়া হৈছে।
প্ৰেৰক জীৱন গোস্বামী
You might also like