নিয়মীয়া বাৰ্তা, ৩১ আগষ্ট : দীৰ্ঘ সময় ধৰি বিভিন্ন জন সমাগম ঘটা স্থানৰ পৰা মুহূৰ্তৰ ভিতৰতেই দুচকীয়া বাহন চুৰিৰে আতংকৰ সৃষ্টি কৰি অহা কূখ্যাত বাইক চোৰ পৰমা ফুকন অৱশেষত চুৰি বাইক সহ জয়সাগৰ আৰক্ষীৰ জালত পৰিল ৷ জয়সাগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মনোৰঞ্জন ৰাজখোৱাৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে ধৃত চোৰটোক লগত লৈ আজি দুপৰীয়া নগালেণ্ডৰ মন জিলাৰ এক দুৰ্গম অঞ্চলৰ পৰা উক্ত চুৰি বাইক খন উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ জয়সাগৰ আৰক্ষীৰ কৌশলী অভিযানত জালত পৰা গভাইত চোৰটোক মগৰাহাটৰ নিবাসী পৰমা ফুকন (৩৭) বুলি জানিব পৰা গৈছে ৷প্ৰাপ্ত বাতৰি মতে যোৱা ২৭ আগষ্ট তাৰিখে স্থানীয় পহুগড়ত অনুস্থিত হোৱা বৰশী বোৱা প্ৰতিযোগিতাত বৃহত সংখ্যক দৰ্শকৰ সমাগম ঘটাৰ সময়তেই দৰ্শক হিচাবে অহা বিশ্বজিত বৰুৱাৰ এএচ ০৪ আৰ, ৫৭৯৯ নম্বৰৰ এখন এভেঞ্জাৰ বাইক চুৰি হৈছিল ৷ঘটনাৰ দিনাই গৰাকীয়ে জয়সাগৰ আৰক্ষী চকীত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে এটা গোচৰ পঞ্জীয়ন কৰি কালি নিশা গোপন সুত্ৰৰ পম খেদি গৌৰীসাগৰৰ পৰা পৰমা ফুকনক কৰায়ত্ব কৰিবলৈ সক্ষম হয় ৷পৰৱৰ্তী সময়ত পৰমা ফুকনক চলোৱা মাৰাথান জেৰাত গভাইত চোৰ পৰমা ফুকনে সেই দিনা বাইক খন নগালেণ্ডৰ মন জিলাত বিক্ৰি কৰাৰ কথা স্বীকাৰ কৰে ৷অৱশেষত আজি পুঁৱা জয়সাগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মনোৰঞ্জন ৰাজখোৱাৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে চোৰটোক লগত লৈ নগালেণ্ডৰ মন জিলাৰ এক দুৰ্গম অঞ্চলত অভিযান চলাই বাইক খন উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ইফালে যোৱা ২৪ আগষ্টৰ নিশা স্থানীয় হাতীখোঁক অঞ্চলৰ পৰা এটা চোৰৰ দলে চুৰি কৰি নিছিল এএচ০৪ এ এ, ৪৫৫৮ নম্বৰৰ এখন হিৰহোন্দা স্কুৰ্টী বাইক ৷ঘটনাৰ সন্দৰ্ভদ পিছ দিনা পুঁৱাই বাইক খনৰ গৰাকীয়ে জয়সাগৰ আৰক্ষী চকীত দাখিল কৰা এজাহাৰৰ ভিত্তিত অভিযান চলাই কিছু সময়ৰ পুৰ্বে ব’গীদল সিংহ দুৱাৰ অঞ্চলৰ এখন ঘন জংঘলৰ পৰা পৰিত্যক্ত অৱস্থাত স্কুৰ্টীখন উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ঘটনাৰ সন্দৰ্ভদ কোনো ব্যক্তিকেই আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী ৷সন্দেহ কৰা মতে নগালেণ্ডৰ অভিমুখে যাত্ৰা কৰাৰ সময়ত আৰক্ষীৰ তালাচী চকী থকাৰ সন্দেহতেই এনেদৰে বাইক খন চোৰৰ দলে ঘন জংঘলত এৰি থৈ যোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে ৷
প্ৰেৰক আশ্ৰফুৰ ৰহমান