🔴সংবাদ মেলযোগে সিদ্ধান্ত সদৰী মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ
বিশেষ বাৰ্তা, ৩১ আগষ্টঃ আজি জনতা ভৱনত সম্পন্ন হয় ৰাজ্যিক কেবিনেট বৈঠক। কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ তথা আলোচনা কৰা হয়। ৰাজ্যৰ বান পৰিস্থিতিক লৈ কেবিনেটত আলোচনা হয়। লগতে আৰোহণ আঁচনিৰ জৰিয়তে অষ্টম শ্ৰেণীত অধ্যয়নৰত প্ৰথম স্থান প্ৰাপ্ত ছাত্ৰ-ছাত্ৰীসকলক আগুৱাই নিবলৈ প্ৰয়াস কৰা হৈছিল। সেই অনুসৰি এইবাৰ দহখন জিলাৰ ছাত্ৰ-ছাত্ৰী গুৱাহাটীলৈ আহিব। তাৰ দায়িত্ব অভিভাৱক মন্ত্ৰীসকলক অৰ্পণ কৰা হৈছে। লতে OBC জাতিগত প্ৰমাণপত্ৰ দিয়াৰ ক্ষেত্ৰত টাই আহোম ৱেলফেয়াৰ চ’ছাইটি, অসমক মনোনয়নৰ দায়িত্ব অৰ্পন কৰা হৈছে। ইফালে মহানগৰ আৰক্ষী আয়ুক্ত কাৰ্যালয়ৰ নতুন ভৱনৰ বাবে ১১০ কোটি টকা অনুমোদন জনোৱা হৈছে। পুলিচ ৰিজাৰ্ভৰ বাবে ৬০৫ কোটি টকা অনুমোদন কেবিনেটৰ। যোৰহাট কাৰাগাৰৰ বাবে ১৫৮ কোটি টকা অনুমোদন জনোৱা হৈছে। যোৰহাটৰ লাচিত মৈদামৰ বাবে ২১৪.৯৬ কোটি টকা অনুমোদন কেবিনেটৰ। বটদ্ৰৱা থানৰ বাবেও ১১৪.২২ কোটি টকা অনুমোদন। আলাবৈ ৰণ স্মৃতিক্ষেত্ৰৰ বাবে ১৫৫.৭৫ কোটি টকা অনুমোদন। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষাৰ বিনামূলীয়া চাউল বিতৰণৰ ক্ষেত্ৰত নতুন SoP জাৰি কেবিনেটৰ। এতিয়াৰে পৰা প্ৰতিমাহৰ ১-৯ তাৰিখৰ ভিতৰত FCIৰ পৰা চাউল আনি ৰেচন কাৰ্ডৰ দোকানত দিব লাগিব। প্ৰতিমাহৰ ১০-১৬ তাৰিখৰ ভিতৰত হিতাধিকাৰীসকলক বিনামূলীয়া চাউল বিতৰণ কৰিব লাগিব। চাউল বিতৰণৰ এই ৬টা দিন `অন্ন সেৱা সপ্তাহ’ হিচাপে পালন কৰা হ’ব ইফালে নাৰ্চিং,পেৰামেডিকেল ইনষ্টিটিউটক লৈ নতুন নিয়ম গঠন কেবিনেটৰ। এতিয়াৰে পৰা এনে প্ৰতিষ্ঠান খুলিলে মানিব লাগিব চৰকাৰৰ নতুন নিয়ম। ইতিমধ্যে অনুমতিপ্ৰাপ্ত প্ৰতিষ্ঠানসমূহে তিনি বছৰৰ ভিতৰত এই নতুন নিয়মৰ প্ৰক্ৰিয়াসমূহ সম্পূৰ্ণ কৰিব লাগিব। গ্ৰাম্য বৈদ্যুতিকৰণৰ বাবেও ১১২.৬৩ কোটি টকা অনুমোদন কেবিনেটৰ।