নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৰুণাচল কঁপালে নাহৰকটীয়া কলেজৰ হুঁচৰি দলে

বিশেষ বাৰ্তা, ৩১ আগষ্ট : প্ৰশাসনিক অথবা ৰাজনৈতিক ক্ষেত্ৰৰ পৰা যদিও এতিয়া পৃথক ৰাজ্য তথাপি কিন্তু এতিয়াও দুয়োখন ৰাজ্যৰ জনসাধাৰণৰ মাজত আছে এক আবেগিক আৰু আত্মিক সম্পৰ্ক। এই সম্পৰ্ককে এইবাৰ শৈক্ষিক ক্ষেত্ৰখনলৈও আগুৱাই নি দুয়োখন ৰাজ্যৰ ছাত্ৰ ছাত্ৰী সকলক যাতে শৈক্ষিক উত্তৰণৰ দিশে একেলগে আগুৱাই নিব পাৰি সেই উদ্দেশ্যেৰে বিগত বৰ্ষৰ ৩০ আগষ্টত ডিব্ৰুগড় জিলাৰ অন্যতম আগশাৰীৰ শিক্ষানুষ্ঠান নাহৰকটীয়া মহাবিদ্যালয় আৰু অৰুণাচল প্ৰদেশৰ তিৰাপ জিলাৰ দেউমালীত অৱস্থিত ৱাংচা ৰাজকুমাৰ চৰকাৰী মহাবিদ্যালয়ে এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰি দুয়োখন মহাবিদ্যালয়ৰ মাজত শৈক্ষিক সাংস্কৃতিক ক্ৰীড়া আদি বিভিন্ন দিশত বিনিময়ৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। ইয়াৰ অধীনত চলিত মাহৰ তৃতীয় সপ্তাহত নাহৰকটীয়া মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা নবাগত আদৰণি সভাত ৱাংচা ৰাজকুমাৰ চৰকাৰী মহাবিদ্যালয়ৰ ছাত্ৰীৰ এটা দলে তেওঁলোকৰ পৰম্পৰাগত নক্তে নৃত্য প্ৰদৰ্শন কৰি ৰাজ্যখনৰ চহকী সাংস্কৃতিক প্ৰতিভাৰ চানেকি দাঙি ধৰাৰ পিছত ২৯ আগষ্টত তেওঁলোকৰ মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা নবাগত আদৰণি সভাত নাহৰকটীয়া মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে পৰিৱেশন কৰা এক আটকধুনীয়া হুঁচৰিয়ে সকলোকে সন্মোহিত কৰি তুলিবলৈ সক্ষম হয়। প্ৰণিধানযোগ্য যে ৱাংচা ৰাজকুমাৰ চৰকাৰী মহাবিদ্যালয়ৰ অধ্যাপিকা ক্ৰমে চাউটাং লৱাঙ আৰু ডঃ মোদাং ৰীণাই আঁতধৰা আৰু মহাবিদ্যালয় খনৰ অধ্যক্ষ ডঃ মনচি টায়েঙৰ লগতে সমূহ অধ্যাপক অধ্যাপিকা আৰু ছাত্ৰ ছাত্ৰী উপস্থিত থকা অনুষ্ঠানটোত মহাবিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰী সকলে গীত নৃত্য আৰু বক্তৃতা প্ৰদানেৰে নিজৰ প্ৰতিভা দাঙি ধৰিবলৈ সক্ষম হয়। আনহাতে নাহৰকটীয়া মহাবিদ্যালয়ৰ তৰফৰ পৰা বক্তব্য ৰাখি অধ্যপক প্ৰাঞ্জল কুমাৰ বৰদলৈ আৰু ডঃ কৃষ্ণকান্ত মালাকাৰে দুয়োখন মহাবিদ্যালয়ৰ মাজত ৰূপায়িত এনে চুক্তি সমূহে অকল মহাবিদ্যালয় দুখনৰ মাজতে নহয়, সমগ্ৰ ৰাজ্যদুখনতে এক সুদূৰপ্ৰসাৰী ইতিবাচক প্ৰভাৱ পেলাব বুলি আশা প্ৰকাশ কৰে। অনুষ্ঠানটোত নাহৰকটীয়া মহাবিদ্যালয়ৰ বাণিজ্য বিভাগৰ অধ্যাপিকা মেৰী বৰগোঁহাই, সমাজতত্ব বিভাগৰ অধ্যাপিকা ঋতুপৰ্ণা মহন আৰু গ্ৰন্থাগাৰ বিভাগৰ প্ৰাঞ্জল ভূঞাও উপস্থিত থাকে।

প্ৰেৰক প্ৰাঞ্জল ভূঞা

You might also like