বিশেষ বাৰ্তা, ৩১ আগষ্টঃ পুনৰ বিজেপিক লজ্জানত কৰিলে যুৱ মৰ্চাৰ নেতাই। এইবাৰ স্থান জোনাই। চুৰি কৰিল আৰক্ষীৰ জালত পৰিল যুৱ মৰ্চাৰ নেতাগৰাকী। পূব জোনাই যুৱ মৰ্চাৰ সভাপতি সন্তোষ বৰগোহাঁইক গ্ৰেপ্তাৰ। ৰড চুৰি কৰি বিজেপিক লজ্জানত কৰিলে বিজেপিৰ যুৱ মৰ্চাৰ নেতাই। আৰক্ষীৰ জালত পৰিছে ৰড চোৰ বিজেপিৰ যুৱ মৰ্চাৰ নেতা সন্তোষ বৰগোহাঁই। বান্দৰদেৱাৰ পৰা তিনিচুকীয়ালৈ ২৭ টন ৰড পিকআপ ভানেৰে লৈ যোৱা হৈছিল। কিন্তু তিনিচুকীয়ালৈ লৈ নগৈ গাড়ীচালকৰে মিলি যুৱ মৰ্চাৰ নেতাই জোনাইলৈ লৈ যায়। ৰডখিনি জোনাইত বিক্ৰী কৰে পূব জোনাই যুৱ মৰ্চাৰ সভাপতি বৰগোহাঁয়ে। বান্দৰদেৱা থানাৰ আৰক্ষী আৰু জোনাই আৰক্ষীয়ে অভিযান চলাই ৰডখিনি জব্দ কৰে।
Prev Post
Next Post