নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰকাৰী নীতি-নিয়ম উলংঘাৰে ৰাজ্যত অবাধে ব্ৰইলাৰবাহী বাহনৰ প্ৰৱেশ

নিয়মীয়া বাৰ্তা, ১ ছেপ্টেম্বৰ : বহিঃৰাজ্যৰ পৰা ব্ৰইলাৰ মুৰ্গী অনাৰ ক্ষেত্ৰত চৰকাৰে বান্ধি দিয়া কেতবোৰ নীতি-নিয়মৰ সুযোগ গ্ৰহণ কৰি ধুবুৰী জিলাৰ পশ্চিমবংগ সীমান্ত সংলগ্ন অঞ্চলত সক্ৰিয় হৈ পৰিছে নেকি অবৈধভাৱে ৰাজ্যলৈ ব্ৰইলাৰ আমদানিৰ সৈতে জড়িত কোনো চক্ৰ? মঙলবাৰৰ নিশা ধুবুৰী জিলাৰ সত্ৰশাল বজাৰ চাৰিআলিত ৰাইজে ব্ৰইলাৰভৰ্তি এখন মহিন্দ্ৰা পিকআপ বাহন কৰায়ত্ত কৰাৰ পিছত উত্থাপিত হৈছে এই প্ৰশ্নৰ। জানিব পৰা মতে, সিদিনা নিশা আনুমানিক ১০.৩০ বজাত পশ্চিমবংগৰ ঝাউকুঠীৰ পৰা ৰামৰাইকুঠী গাঁও হৈ অসমত প্ৰৱেশ কৰিছিল ব্ৰইলাৰভৰ্তি পিক‌আপ ভেনখন। অভিযোগ অনুসৰি, ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ পিছতেই এএছ-১৭ চি-৩৩২৪ নম্বৰৰ অবৈধ ব্ৰইলাৰবাহী পিক‌আপ বাহনখনৰ চালকগৰাকী অন্তৰ্ধান হয়। অৱশ্যে পিছলৈ গৈ সেই বাহনখন আগমনি থানালৈ নিয়ে আৰক্ষীয়ে। ইপিনে, সিদিনা ৰাইজে জব্দ কৰা বাহনখনৰ চালকৰ ৰহস্যজনক পলায়নৰ পিছত আৰক্ষীৰ ভূমিকাক লৈ প্ৰশ্নচিহ্নৰ উদয় হৈছে। সমান্তৰালকৈ বহিঃৰাজ্যৰ পৰা অহা ব্ৰইলাৰ মুৰ্গীৰ যথাযথ পৰীক্ষা কৰা হয় নে নহয় বুলিও স্থানীয় পশুপালন বিভাগৰ ভূমিকাক লৈও পূৰ্বৰে পৰা সন্দেহ প্ৰকাশ কৰি অহা পোৱা গৈছে বহুতেই। ইপিনে, মঙলবাৰৰ নিশাৰ সেই ঘটনাটোৰ পিছত বিজেপিৰ এগৰাকী স্থানীয় নেতাৰ আত্মীয়ৰ ছত্ৰছায়াতেই চৰকাৰী নীতি-নিয়ম উলংঘাৰে পশ্চিমবংগৰ পৰা ৰাজ্যখনলৈ ব্ৰয়লাৰ মুৰ্গী আমদানি কৰাৰ এটা চক্ৰ সক্ৰিয় হৈ থকা বুলিও ৰাইজৰ মাজত ব্যাপক চৰ্চা হৈছে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like