নিয়মীয়া বাৰ্তা, ১ ছেপ্টেম্বৰ : গহপুৰ মহকুমাৰ অন্তর্গত এন চি সোণাপুৰত বানে ছিঙা পথত ৰাইজৰ যাতায়াতৰ সুবিধাৰ্থে বাঁহৰ দলং নিৰ্মাণ কৰি দিলে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ এগৰাকী নিছি জনগোষ্ঠীয় লোকে। উল্লেখ্য যে গহপুৰ মহকুমাৰ অন্যতম পাহাৰীয়া খৰস্ৰোতা নৈ সোলেঙীৰ বানে ২০২২ বৰ্ষৰ ২৮ জুনত এন চি সোণাপুৰত ছিঙিছিল অতি গুৰুত্বপূৰ্ণ পথটোত থকা পকী কালভাৰ্টৰ লগতে পথৰ কিছু অংশ। গোপালপুৰ, সোণাপুৰ, সোলেঙীগুৰি তিনিখন গাঁও পঞ্চায়তৰ ১০/১২ খনৰো অধিক গাঁও তথা অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ ৰাজগড় আলি সংযোগী, হোলঙ্গীৰ দঞি পলোঃ এয়াৰপৰ্টলৈ যাব পৰা লোকনিৰ্মাণ বিভাগৰ অধীনৰ পথটোৰ ভগ্ন অংশত পূৰ্বতে ৰাইজে এখন বাঁহৰ দলং সাজি যাতায়াত কৰি আছিল। কিন্তু সদাব্যস্ত পথটোৰ উক্ত বাঁহৰ দলংখন অতি কম দিনৰ ভিতৰতে বিধ্বস্ত অৱস্থালৈ গতি কৰিলে। দুমাহ পূৰ্ৱে উক্ত দলংখনেৰে পাৰাপাৰ হওঁতে দুৰ্ঘটনাত পতিত হৈছিল এজন অৰুণাচলী লোকৰ বাহন। ভুক্তভোগী অৰুণাচলী লোকজনে দুৰ্ঘটনাত পতিত হোৱাৰ ভয়াৱহ অভিজ্ঞতা আৰু বৃহত্তৰ অঞ্চলৰ ৰাইজৰ যাতায়াতী সমস্যা উপলব্ধি কৰি ৰাইজৰ সহযোগত কিছুদিন পূৰ্বে নিৰ্মাণ কৰি দিলে বাঁহৰ দলং এখন। পূৰ্ৱৰ তুলনাত অলপ ডাঙৰকৈ নিৰ্মাণ কৰা বাঁহৰ দলংখনেৰে বৰ্তমান সহজতে পাৰাপাৰ হ’ব পাবে দুচকীয়া বাহনৰ লগতে ই-ৰিক্সাজাতীয় লঘু বাহন। অঞ্চলটোৰ ভুক্তভোগী ৰাইজে এনে মহানুভৱতাৰ বাবে অৰুণাচলী ব্যক্তিগৰাকীক কৃতজ্ঞতা সহকাৰে ধন্যবাদ জ্ঞাপন কৰিছে।
প্ৰেৰক নিৰোদ কাথ হাজৰিকা