বিশেষ বাৰ্তা, ১ ছেপ্টেম্বৰঃ আজি মুম্বাইত অনুষ্ঠিত বৈঠকত বিৰোধী ঐক্য় I.N.D.I.A.ই বহু ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰে। নেতাসকলে ১৪ জনীয়া সমন্বয় সমিতি গঠনৰ কথা ঘোষণা কৰিছে। লগতে মিত্ৰতাৰ শ্লোগান হ’ব ‘জুড়েগা ভাৰত, জিতেগা ইণ্ডিয়া’। সমন্বয় সমিতিৰ ভিতৰত আছে কংগ্ৰেছৰ পৰা কে চি ভেনুগোপাল, এন চি পিৰ পৰা শাৰদ পাৱাৰ, ডি এম কেৰ পৰা টি আৰ বালু, শিৱসেনা (ইউ বি টি)ৰ পৰা সঞ্জয় ৰাউত, আৰ জে ডিৰ পৰা তেজস্বী যাদৱ, টি এম চিৰ পৰা অভিষেক বেনাৰ্জী, আপৰ পৰা ৰাঘৱ চাড্ডা, সমাজবাদীৰ পৰা জাভেদ আলী খান পাৰ্টি, লালন সিং জেডিইউৰ পৰা, জেএমএমৰ পৰা হেমন্ত সোৰেন, চিপিআইৰ পৰা ডি ৰাজা, নেশ্যনেল কনফাৰেন্সৰ পৰা ওমৰ আব্দুল্লা আৰু পিডিপিৰ পৰা মেহবুবা মুফতি। কমিটীত অন্তৰ্ভুক্ত হোৱা চিপিআইএমৰ নেতাজনৰ নাম প্ৰকাশ কৰা হোৱা নাই। বিৰোধী মিত্ৰজোঁট I.N.D.I.A.ই লোকসভা নিৰ্বাচন-২০২৪ একেলগে যুঁজ দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে। কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে এই তথ্য ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্স (টুইটাৰ)ত সদৰী কৰে। তেওঁ লিখিছে, “I.N.D.I.A. মিত্ৰজোঁটত অন্তৰ্ভুক্ত দলসমূহে একেলগে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সংকল্প লৈছিল। যিমানদূৰ সম্ভৱ আমি একেলগে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম।” তেওঁ আৰু কয়, “বিভিন্ন ৰাজ্যত আসন ভাগ-বাটোৱাৰা সন্দৰ্ভত ততাতৈয়াকৈ আলোচনা আৰম্ভ কৰা হ’ব আৰু ইয়াক অতি সোনকালে সম্পূৰ্ণ কৰা হ’ব। দেশৰ বিভিন্ন প্ৰান্তত জনসভাৰ আয়োজন কৰা হ’ব। বিভিন্ন ঠাইত “জুড়েগা ভাৰত, জিতেগা ইণ্ডিয়া” ধ্বনি দিয়া হ’ব। বিৰোধী মিত্ৰজোঁটে এই থীমটোৰে নিৰ্বাচনত অৱতীৰ্ণ হ’ব। এক উমৈহতীয়া সংবাদ মাধ্যমৰ কৌশল তৈয়াৰ কৰা হ’ব।” এইখন আছিল মিত্ৰজোঁট I.N.D.I.A.ৰ তৃতীয়খন বৈঠক যি দুদিন ধৰি চলিছিল। ইয়াৰ পূৰ্বে জুন মাহত বিহাৰৰ পাটনাত মিত্ৰজোঁটৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হৈছিল। তাৰ পিছত জুলাই মাহত বেংগালুৰুত দ্বিতীয়খন বৈঠক অনুষ্ঠিত হয়। য’ত মিত্ৰজোঁটৰ নাম I.N.D.I.A.ৰখা হৈছিল।