বিশেষ বাৰ্তা, ১ ছেপ্টেম্বৰঃ নলবাৰীৰ পৱিত্ৰ শ্ৰীশ্ৰী হৰিমন্দিৰ পৰিচালনা সমিতিখন ভংগক কেন্দ্ৰ সৃষ্টি হোৱা প্ৰতিক্ৰিয়া আজিও অব্যাহত আছে। পূৰ্বৰ সমিতিখন জিলা আয়ুক্তই অনিয়মেৰে ভংগ কৰি দিয়া বুলি অভিযোগ তুলি এগৰাকী আজীৱন সভ্য নিবাৰন কলিতাই শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত তৰে এক গোচৰ। জিলা আয়ুক্ত গৰাকীৰ দ্বাৰা বাচনিকৃত একাংশ লোকেৰে গঠিত এখন নতুন সমিতিক হৰিমন্দিৰৰ কাম-কাজ পৰিচালনা কৰিবলৈ দিয়া বুলিও আজীৱন সভ্যগৰাকীয়ে অভিযোগ উত্থাপন কৰিছে। আজীৱন সভ্যগৰাকীৰ আবেদন মৰ্মে গুৱাহাটী উচ্চ ন্যায়ালয়ত ৫০১৩/২০২৩ নম্বৰত পঞ্জীয়ন হয় এক গোচৰ। হৰিমন্দিৰ পৰিচালনা সমিতিৰ আজীৱন সভ্য নিবাৰণ কলিতাই ন্যায় বিচাৰি উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাত ৩০ আগষ্টত ন্যায়ালয়ে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, জিলা আয়ুক্ত বৰ্ণালী ডেকা, অতিৰিক্ত উপায়ুক্ত চয়নিকা ঠাকুৰীয়াকে ধৰি মুঠ ২৯ গৰাকী ব্যক্তিৰ বিৰুদ্ধে উক্ত কাণ্ড সন্দৰ্ভত স্পষ্টীকৰণ বিচাৰি জাননী জাৰি কৰিছে। আনহাতে, আগন্তুক দুৰ্গা পূজাৰ প্ৰতি লক্ষ্য ৰাখি ১৫ ছেপ্তেম্বৰত হ’বলগা পৰৱৰ্তী শুনানীৰ দিনা হৰিমন্দিৰৰ পূৰ্বৰ পৰিচালনা সমিতিখনৰ স্থিতাৱস্থা বাহাল ৰখাৰ সম্ভাৱনা আছে। উল্লেখ্য যে,আজি হৰি মন্দিৰৰ বিশেষ সাধাৰণ সভাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। অভিযোগ মতে, জিলা আয়ুক্ত বৰ্ণালী ডেকাৰ সভাপতিত্বত অনুষ্ঠিত বিশেষ সাধাৰণ সভাখনত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ভাষন দি থকাৰ সময়ত হৰি মন্দিৰৰ আজীৱন সভ্য নিবাৰণ কলিতাই মন্ত্ৰী গৰাকীৰ মন্তব্যৰ বিৰোধিতা কৰিবলৈ লওঁতেই মন্ত্ৰীগৰাকীৰ একাংশ সমৰ্থকে তেওঁক প্ৰহাৰ কৰে। উল্লেখ্যযে,যোৱা ১২ আগষ্টৰ দিনা হৰি মন্দিৰৰ বিশেষ সাধাৰণ সভাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।অভিযোগ মতে, জিলা আয়ুক্ত বৰ্ণালী ডেকাৰ সভাপতিত্বত অনুষ্ঠিত বিশেষ সাধাৰণ সভাখনত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ভাষন দি থকাৰ সময়ত হৰি মন্দিৰৰ আজীৱন সভ্য নিবাৰণ কলিতাই মন্ত্ৰী গৰাকীৰ মন্তব্যৰ বিৰোধিতা কৰিবলৈ লওঁতেই মন্ত্ৰীগৰাকীৰ একাংশ সমৰ্থকে তেওঁক প্ৰহাৰ কৰে। ইপিনে, নলবাৰীৰ সদ্য বিদায়ী আয়ুক্ত গীতিমণি ফুকনৰ সভাপতিত্বত যোৱা ২২ জুলাইত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত সভাত নলবাৰী হৰি পৰিচালনা সমিতিখন ভংগ কৰি দিয়া হয়। সেই মৰ্মে নতুন সমিতি গঠন নোহোৱালৈকে ২২ জুলাইৰ পৰা হৰিমন্দিৰ পৰিচালনাৰ দায়িত্ব নলবাৰী জিলা প্ৰশাসনৰ ওচৰত ন্যস্ত কৰা হয়। উক্ত দিনাৰ সভাই ২৯ জুলাইৰ ভিতৰত হৰিমন্দিৰৰ সকলো বেংক একাউণ্টকে ধৰি যাৱতীয় তথ্য পাতি জিলা প্ৰশাসনৰ ওচৰত জমা দিবলৈ সম্পাদক নগেন ডেকাক নিৰ্দেশ দি প্ৰস্তাৱ গ্ৰহণ কৰে।
প্ৰেৰক অৰূপ ৰঞ্জন দাস