নিয়মীয়া বাৰ্তা, ৪ ছেপ্টেম্বৰঃ ডিব্ৰুগড়ৰ টেঙাখাট শিক্ষাখণ্ডৰ অন্তৰ্গত দুলীয়াজান কছাৰী পথাৰ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক নলিনী মজুমদাৰলৈ ৰাজ্যিক শিক্ষক বঁটা ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। এই বতৰাই জিলাখনৰ লগতে দুলীয়াজানৰ শৈক্ষিক মহলক উৎফুল্লিত কৰি তুলিছে। নগাঁৱৰ দক্ষিণপাট বালিগাঁওৰ প্ৰয়াত মুখেশ্বৰ মজুমদাৰ আৰু প্ৰয়াত বুলুবালা মজুমদাৰৰ সু-সন্তান নলিনী মজুমদাৰে ১৯৭৯ চনত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈয়ে সময়ৰ আহ্বানত অসম আন্দোলনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰিছিল। সৰুৰেপৰাই এটা স্বাভিমানী সত্বা কঢ়িয়াই ফুৰা নলিনী মজুমদাৰে অসমীয়া জাতিটোৰ হকে যুঁজ দি নিজৰ সোণালী শৈক্ষিক সময়খিনি কিছু অপব্যয় কৰিছিল। পাছত নগাঁও মহাবিদ্যালয়ৰ পৰা প্ৰাক-বিশ্ববিদ্যালয় উত্তীৰ্ণ হৈ পৰিয়ালৰ তাগিদাত নামৰূপত কৰ্মৰত জ্যেষ্ঠ ভ্ৰাতৃ কাষলৈ আহে। পৰৱৰ্তী ১৯৮৪ চনত দুলীয়াজান মহাবিদ্যালয়ৰ বিজ্ঞান বিভাগত নামভৰ্তি কৰি উচ্চ শিক্ষা জীৱনৰ পাতনি মেলে। সেই সময়তে মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি হিচাপে নিৰ্বাচন খেলি বিজয় সাব্যস্ত কৰিছিল। পাছলৈ দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্হাক উপ- সভাপতি হিচাপে প্ৰতিনিধিত্ব কৰি সেইসময়ত উত্থাপিত বহুখিনি জটিল সমস্যা তেখেতৰ সৱল নেতৃত্বতে লাঘৱ কৰিবলৈ সক্ষম হৈছিল। সেইসময়ৰ সাংগঠনিক পথাৰখনতে তেওঁ বৰ্তমানৰ বহুকেইগৰাকী ৰাজনৈতিক ব্যক্তিৰ নেতৃত্বত কাম কৰাৰ সুযোগ লাভ কৰিছিল। লাহে লাহে সাংগঠনিক পথাৰ এৰি তেওঁ কৰ্মক্ষেত্ৰখনত মনোনিবেশ কৰিবলৈ ধৰে। আৰম্ভণিতে বৰডুবি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান শিক্ষক হিচাপে তেওঁ দুটা বছৰ আৰু দুলীয়াজান কেন্দ্ৰীয় বিদ্যালয়ত প্ৰায় ডেৰবছৰ শিক্ষকতাৰ জীৱন আৰম্ভ কৰে। ১৯৯২ চনত দুলীয়াজান কছাৰী পথাৰ মধ্য ইংৰাজী বিদ্যালয়ৰ বিজ্ঞান শিক্ষক হিচাপে তেওঁ নিযুক্ত হৈ বিদ্যালয়ৰ আন্তঃগাথনিৰ পৰা আৰম্ভ কৰি শিক্ষকৰ সমস্যা সমাধানৰ সৈতে তেওঁ জড়িত হৈ পৰিছিল। সেইসময়তে সদৌ অসম মাধ্যমিক বিজ্ঞান শিক্ষক সন্হাৰ ডিব্ৰুগড় জিলাৰ সভাপতি হিচাপে পাঁচবছৰ দায়িত্বত থাকি জিলাখনৰ শিক্ষক সকলক একত্ৰিত কৰি তেওঁলোকৰ দৰ্মহা আৰু পেঞ্চন কেন্দ্ৰীক সমস্যা সমূহৰ উপৰিও ছাত্ৰ-ছাত্ৰীৰ মাজত বিজ্ঞানৰ জনপ্ৰিয়তা বৃদ্ধিৰ বাবে বহুখিনি পদক্ষেপ তেওঁ গ্ৰহণ কৰিছিল। ২০০৩ চনত সৰ্বশিক্ষা মিছনৰ অধীনৰ মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক হিচাপে প্ৰায় চাৰিবছৰ, দক্ষ শিক্ষক আৰু এডিচনেল ব্লক ৰিচৰ্ছ চেন্টাৰ সমন্বয়ক হিচাপে প্ৰায় ৩ বছৰ কাম কৰে। আনহাতে ২০১৫ চনৰ অক্টোবৰ মাহত কছাৰী পথাৰ বিদ্যায়লয়ৰ প্ৰধান শিক্ষকৰ দায়িত্বভাৰ গ্ৰহণ কৰি সুচাৰুৰূপে বিদ্যালয়খন পৰিচালনা কৰাৰ সমান্তৰালভাৱে সৰ্বশিক্ষা মিছনৰ জিলা শৈক্ষিক গোটৰ সদস্য হিচাপে অতিৰিক্ত কৰ্মত বৰ্তমানে নিয়োজিত হৈ আছে। তদুপৰি ২০১৯ চনত জিলাৰ কৃৰ্তী শিক্ষক হিচাপে সন্মানিত নলিনী মজুমদাৰে শিক্ষকতাৰ উপৰি দুলীয়াজান সাহিত্য সভাৰ লগতে স্হানীয় অন্যান্য সাহিত্য-সংস্কৃতি তথা ক্ৰীড়া আদি সামাজিক ক্ষেত্ৰৰ সৈতে জড়িত হৈ এগৰাকী সমাজ সংগঠক হিচাপে পৰিচয় বহন কৰি আহিছে। কাইলৈ গুৱাহাটী কলাক্ষেত্ৰত কেন্দ্ৰীয়ভাৱে আয়োজিত শিক্ষক দিৱসত কৃতী শিক্ষকগৰাকীক ৰাজ্যিক শিক্ষক বঁটা প্ৰদান কৰিব।
প্ৰেৰক কৃষ্ণা গগৈ