ন’বেল বঁটা বিতৰণী অনুষ্ঠানত নিষিদ্ধ ৰাছিয়া-বেলাৰুছ-ইৰান!
বিশেষ বাৰ্তা, ৪ ছেপ্টেম্বৰঃ ন’বেল পুৰস্কাৰ বিতৰণী অনুষ্ঠানত থাকিব নোৱাৰিব ৰাছিয়া, বেলাৰুছ আৰু ইৰান৷ ২০২২ চনৰ পিছত চলিত বর্ষতো এই তিনিখন দেশৰ প্রতিনিধিসকলক ন’বেল পুৰস্কাৰ বিতৰণ অনুষ্ঠানৰ পৰা বাদ দিছে আয়োজকসকলে৷ অৱশ্যে প্রাথমিকভাৱে তিনিওখন দেশৰ প্রতিনিধিসকলক আমন্ত্রণ জনাব বিচাৰিছিল ন’বেল ফাউণ্ডেচনে৷ এই সিদ্ধান্তৰ কথা পোহৰলৈ অহাৰ লগে লগে ব্যাপক বিক্ষোভ দেখিবলৈ পোৱা গৈছে ছুইডেনৰ ৰাজনৈতিক দলবোৰৰ মাজত৷ চাপৰ মুখত পৰি সিদ্ধান্ত প্রত্যাহাৰ কৰে ন’বেল ফাউণ্ডেচনে৷ ইউক্রেইনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাৰ কাৰণেই ২০২২ চনৰ ন’বেল পুৰস্কাৰ বিতৰণী অনুষ্ঠানৰ পৰা ৰাছিয়াক নিষিদ্ধ ঘোষণা কৰা হয়৷ যুদ্ধত ৰাছিয়াৰ সংগী বেলাৰুছকো পুৰস্কাৰ বিতৰণী অনুষ্ঠানত অংশ লোৱাৰ অনুমতি দিয়া নহ’ল৷ কিন্তু যোৱাবাৰ ন’বেল শান্তি পুৰস্কাৰ লাভ কৰিছিল ৰাছিয়া আৰু বেলাৰুছৰ দুই মানৱ অধিকাৰ সংগঠনে৷ পুৰস্কাৰ লাভ কৰিছিল ইউক্রেইনৰ এটা সংগঠনে৷