নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিদ্যুৎ বিভাগৰ বকো উপ-সংমণ্ডলীয় কাৰ্যালয়ৰ টোঘলকী কাণ্ড

🔹 এটা পৰিয়াললৈ ছেপ্টেম্বৰ মাহৰ বিল ৭,২১,৭০৬ 

নিয়মীয়া বাৰ্তা, ৫ ছেপ্টেম্বৰ : নগৰবেৰাত বিদ্যুতৰ এখন মাহিলি বিল দেখি মূৰ আছন্দ্ৰাই কৰিছে পৰিয়ালটোৰ প্ৰতিগৰাকী সদস্যৰ। চিন্তিত নহ’বইবা কিয় ? কেইটামান এল ই ডি বাল্ব, তিনি-চাৰিখনমান ফেন, এটা ৰেফ্ৰিজাৰেটৰ আৰু এটা টিভি ব্যৱহাৰ কৰাৰ বাবদ পৰিয়ালটোৰ ছেপ্টেম্বৰ মাহৰ বিল আহিল ৭,২১,৭০৬ টকা | পূৰ্বৰ কোনোধৰণৰ বকেয়া নাছিল। যোৱা আগষ্ট মাহতো আদায় দিছে প্ৰায় ১৯০০ টকা। সেইখিনিলৈ ঠিকেই আছিল, পিছে এইবাৰ বিলৰ পৰিমাণ চাইহে বিমোৰত পৰিছে পৰিয়ালটোৰ প্ৰতিগৰাকী সদস্য | বকো উপ-সংমণ্ডলীয় বিদ্যুৎ কাৰ্যালয়ৰ অন্তৰ্গত নগৰবেৰাৰ পুখুৰীপাৰা গাঁৱৰ প্ৰয়াত ৰমাকান্ত কলিতাৰ নামত থকা বিলখনত এই আজৱ কাণ্ড। পৰিয়ালটোৱে বহু ভাবি-গুণিও বিলৰ অংক মিলাব নোৱাৰি কিংকৰ্তব্যবিমূঢ় হৈ পৰে |অৱশ্যে পৰিয়ালৰ লোকে বিভাগীয় বিষয়াৰ স’তে যোগাযোগ কৰাত বিষয়টো বিবেচনাৰ আশ্বাস দিয়া বুলি জানিব পৰা গৈছে | প্ৰশ্ন হয়, কাৰ ভুলৰ বাবে এনে হয়, কিয় প্ৰায়ে বিদ্যুৎ বিভাগে গ্ৰাহকৰ হাতত তুলি দিয়ে এনে সামঞ্জস্যহীন মাহিলি বিল ? বিদ্যুৎ বিভাগক আগলৈ এইক্ষেত্ৰত সতৰ্ক হোৱাৰ আহ্বান সকলোৰে |

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like