নিয়মীয়া বাৰ্তা, ৫ ছেপ্টেম্বৰ : ৰাজ্যত আকৌ গৰজিল আৰক্ষীৰ বন্দুক। এইবাৰ স্থান বিলাসীপাৰা মহকুমাৰ সাপটগ্ৰাম থানাৰ ৰানীগঞ্জত। উল্লেখ্য যে ৰাণীগঞ্জ উপ আৰক্ষী চকীৰ এলেকাৰে দীৰ্ঘদিনৰে পৰা আৰক্ষীৰ চকুত ধুলি দি চোৰাং ব্যৱসায়ী সকলে গৰু সৰবৰাহ কৰি আহিছে। আজিও এখন ই-ৰিক্সাত অমানৱীয়ভাবে গোধন বান্ধি সৰবৰাহ কৰি আছিল। এনেতে ৰাণীগঞ্জ আৰক্ষীয়ে এই খবৰ পাই ই-ৰিক্সাখনৰ পিছ লয়। হেলাগাড়ীত ই-ৰিক্সাখনক পাই আৰক্ষীৰ দলটোৱে সোধ-পোছ কৰিবলৈ ৰখায়। আৰক্ষীয়ে ই-ৰিক্সাখন ৰখাওতে সৰবৰাহকাৰীজন আৰক্ষীৰ বেহু ফালি খেতি পথাৰৰে পলাবলৈ ধৰে। এনে অৱস্থাত সৰবৰাহকাৰীজনক আটক কৰিবলৈ আৰক্ষীয়ে শুন্যলৈ এজাঁই গুলীচালনা কৰে বুলি আৰক্ষী সূত্রে জানিব পৰা গৈছে। গুলীৰ শব্দ শুনি সৰবৰাহকাৰীজন পথাৰৰ মাজতে ৰৈ দিয়াত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। সৰবৰাহকাৰীজনৰ নাম চাইফুল ইছলাম বুলি জানিব পৰা গৈছে। সম্প্ৰতি ই-ৰিক্সা, এটা গোধন সহ চাইফুলক ৰাণীগঞ্জ উপ আৰক্ষী চকীত ৰাখি গো মাফিয়া চক্ৰৰ বিৰুদ্ধে অধিক তথ্য আহৰণৰ বাবে জেৰা কৰি থকা হৈছে।
প্ৰেৰক সমৰেশ শীল শৰ্মা