বিশেষ বাৰ্তা, ৬ ছেপ্টেম্বৰঃ নগাঁৱৰ বিভিন্ন প্ৰান্তত আজি ভাৰতীয় সংস্কৃতিৰ প্ৰাণপুৰুষ শ্ৰীশ্ৰীকৃষ্ণৰ জন্মাষ্টমী উলহ মালহৰে উদযাপন কৰা হয়। জিলাখনৰ প্ৰতিটো নামঘৰ, সত্ৰ আৰু বিভিন্ন অনুষ্ঠানৰ উদ্যোগত জন্মাষ্টমী উৎসৱ উদযাপন কৰা হয়। আজি পুৱাৰে পৰা জিলাখনত জন্মাষ্টমী উপলক্ষে এক উৎসৱ মূখৰ পৰিবেশৰ সৃষ্টি হয়। নামঘৰ সত্ৰ সমূহ পুৱাৰে পৰাই নিশালৈকে নামকীৰ্তন,খোলপ্ৰসংগ,নামপ্ৰসং গৰে ৰজনজনাই উঠে। পুৱাৰে পৰাই ভকত, বৈষ্ণৱ আয়তী সকলে নামঘৰ, সত্ৰত ভীৰ কৰা পৰিলক্ষিত হয়। খোল ,তাল, নাগাৰা, ডবাৰ শব্দই জিলাখনৰ সৰ্বত্ৰ এক উৎসৱমূখৰ পৰিবেশৰ সৃষ্টি কৰে। ঠায়ে ঠায়ে অংকীয়া ভাওনা প্ৰদৰ্শন কৰা হয়। ইপিনে বিশ্ব হিন্দু পৰিষদৰ নগাঁও জিলা আৰু নগাঁও নগৰ প্ৰখণ্ডৰ উদ্যোগত নগাঁও চহৰৰ শ্ৰীশ্ৰীকৃষ্ণাশ্ৰম শিৱ মন্দিৰ প্ৰাঙ্গনত দিনযোৰা কাৰ্যসূচীৰে জন্মাষ্টমী উৎসৱ উদযাপন কৰা হয়। পুৱা বন্তি প্ৰজ্বলনেৰে উৎসৱৰ শুভাৰম্ভ কৰে উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি ব্ৰজেন কাকতিয়ে। ধৰ্মধ্বজা উত্তোলন কৰে পৰিষদৰ নগাঁও জিলা শাখাৰ সভাপতি প্ৰদীপ কুমাৰ লস্কৰে। গোপূজন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে প্ৰাক্তন কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী ৰাজেন গোহাইয়ে।শ্ৰীকৃষ্ণৰ ভাও প্ৰতিযোগিতা উদ্বোধন কৰে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ নগাঁও বিভাগ সংগঠক তিতেশ্বৰ বৰাই। দিনৰ ভাগত শ্ৰীশ্ৰীমদ্ভাগৱত শোভাযাত্ৰা উলিওৱা হয়। শোভাযাত্ৰা উদ্বোধন কৰে বিধায়ক ৰূপক শৰ্মাই। বিয়লি নাম প্ৰসঙ্গ অনুষ্ঠান অনুষ্ঠিত হয়। আনহাতে নগাঁও প্ৰেছ ক্লাৱতো সন্ধিয়া জন্মাষ্টমী উৎসৱ উদযাপন কৰা হয়। আমন্ত্ৰিত নামতি দলৰ নাম পৰিবেশন কৰা হয়। অনুষ্ঠানত নগাঁৱৰ সকলো সাংবাদিক, নিমন্ত্ৰিত অতিথিয়ে অংশগ্ৰহণ কৰে। জিলাখনৰ কলিয়াবৰ, চামগুৰি, পুৰণিগুদাম, উৰিয়াগাঁও, কামপুৰ, কঠিয়াতলি, ননৈ, পাঠৰি, নগাঁও চহৰ, ধিং, বটদ্ৰৱা, হাতীচোং মৌজা, ৰহা, ফুলগুৰি, বেবেজীয়া, দক্ষিণপাট, বঢ়মপুৰ, চাপানালা আদি অঞ্চলতো জন্মাষ্টমী উদযাপন কৰা হয়।
প্ৰেৰক কনক হাজৰিকা