নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খোৱাঙত জুবিন গাৰ্গৰ নতুন ছবি চিকাৰৰ দৃশ্যগ্ৰহণ

নিয়মীয়া বাৰ্তা, ৮ ছেপ্টেম্বৰঃ ডিব্ৰুগড়ৰ খোৱাং চাহ বাগিচাত দৃশ্যগ্ৰহন চলিছে জুবিনৰ নতুন চিনেমা “চিকাৰ”-ৰ ৷ বিগত কেইবাদিনো ধৰি খোৱাং চাহ বাগিচাত বাহৰ পাতি আছে জুবিনসহ প্ৰায় ১২৫জনীয়া এটি ইউনিটে৷ দেবাংগ বুঢ়াগোহাঁইৰ পৰিচালনাৰে “চিকাৰ” চিনেমাখনৰ দৃশ্যগ্ৰহন চলিছে খোৱাং চাহ বাগিচাৰ লগতে ৰাংচালী ৰেচম পামত৷ চলচিত্ৰখনত এজন চাহ বাগিচাৰ যুৱকৰ চৰিত্ৰ ৰূপায়ন কৰিছে জুবিনে নিজেই৷ লগতে নায়িকা হিচাপে জুবিনৰ লগত এইবাৰ প্ৰথমবাৰৰ বাবে দেখা যাব উদীয়মান অভিনেত্ৰী ধ্যানী মহনক৷ মন্ত্ৰী যোগেন মহনৰ কন্যা ধ্যানীয়ে ইতিপূৰ্ৱে কেইবাখনো চুটি ছবি আৰু গীতত অংশগ্ৰহন কৰিছে। চিনেমাখনত লগতে আছে বেহাৰবাৰী আউটপোষ্টৰ অভিনেতা কে কেৰ লগতে অসম তথা বলিউড আৰু হলিউডৰ কেইবাগৰাকীও খ্যাতনামা অভিনেতা। চিনেমাখনৰ ৩০ শতাংশ অসমত দৃশ্যগ্ৰহন হোৱাৰ পাছতে বাকী ৭০ শতাংশ দৃশ্যগ্ৰহন হ’ব লণ্ডনত হ’ব বুলি জানিব পৰা গৈছে৷ জুবিনৰ মতে ৰোমাঞ্চ, একচন, থ্ৰীলাৰেৰে নিৰ্মিত চলচিত্ৰখন অসমৰ দৰ্শকে চাই যথেষ্ট আমোদ পাব। চিনেমাখনত জুবিনৰ চৰিত্ৰটোৰ লগতে সকলোখিনিতে নতুনত্ব দেখিবলৈ পাব দৰ্শকে।
প্ৰেৰক সঞ্জীৱ কোঁৱৰ
You might also like