নিয়মীয়া বাৰ্তা, ১১ ছেপ্টেম্বৰঃ পৰিবৰ্তনৰ কথা কৈ শাসনলৈ অহা আৰু ‘সৱকা সাথ, সৱকা বিকাশ’ৰ শ্ল’গান দিয়া বিজেপি চৰকাৰখনৰ দিনত কি পৰিৱৰ্তন হৈছে আৰু কিমান বিকাশ হৈছে সেয়া ঢকুৱাখনা সমষ্টিৰ ভিতৰুৱা গ্ৰাম্যাঞ্চলসমূহৰ ছবিসমূহ দেখিলেই স্পষ্ট হৈ পৰিব।স্বাধীনতাৰ ৭৭বছৰ পাছটো উন্নয়নৰ পৰশ নপৰিল ঢকুৱাখনা সমষ্টিৰ এটা অঞ্চলত। সমষ্টিটোৰ ঘিলামৰা উন্নয়ন খণ্ডৰ অধীনস্থ দেউলীয়া পঞ্চায়তৰ বালিপুখুৰীৰ পৰা পাতৃচুক সংযোগী পথত দলঙৰ অভাৱত দুখনকৈ জৰজীৰ্ণ বাঁহৰ দলঙেৰে বিপদসংকুল যাত্ৰায়ত কৰিবলগীয়া হৈছে অঞ্চলটোৰ শ শ ৰাইজে।বিধ্বস্ত বোকাময় পথটোত বছৰ বছৰ ধৰি দুখনকৈ বাঁহৰ দলঙেৰে বিপজ্জনকভাৱে মৰণক শৰণ দি যাতায়ত অব্যাহত অঞ্চলবাসীয়ে। বাৰিষা-খৰালি সকলো সময়তে এই জৰাজীৰ্ণ দলং দুখনেৰে যাতায়ত কৰি আহিছে কণ কণ ছাত্ৰ-ছাত্ৰী, ৰোগীৰ লগতে অঞ্চলটোৰ ৰাইজে।বিশেষকৈ বাৰিষাৰ সময়ত জীৱনটো হাতৰ মুঠিত লৈ বিপদসংকুল যাত্ৰা কৰিব লগা হয় কণ কণ শিশু তথা ছাত্ৰ-ছাত্ৰীয়ে।জৰাজীৰ্ণ দলং তথা বিধস্ত পথৰ বাবেই অঞ্চলটোলৈ যাব নোৱাৰে মৃত্যুঞ্জয় সেৱাৰ লগতে আন জৰুৰীকালীন সেৱাৰ বাহন।কিন্তু ইয়াৰ পিছতো কানসাৰ নাই স্থানীয় বিজেপিৰ বিধায়ক নৱ কুমাৰ দলে আৰু লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাৰ। নিৰ্বাচনৰ সময়ত প্ৰতিটো ৰাজনৈতিক দলে গাঁওখনৰ অভিশাপস্বৰূপ দলং দুখনৰ পকীকৰণ কৰাৰ প্ৰতিশ্ৰুতি দি ভোট ভিক্ষা কৰে,কিন্তু নিৰ্বাচনৰ পিছতেই পাহৰি যায় ৰাইজক দিয়া প্ৰতিশ্ৰুতি।দলং দুখন নিৰ্মাণ কৰাৰ বাবে ৰাইজে দাবী জনাই আহিছে যদিও প্ৰশাসন তথা বিধায়কে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে৷ জাতি-মাটি আৰু ভেটিৰ কথা কোৱা চৰকাৰে গ্ৰাম্য অঞ্চলৰ পথ-দলং উন্নয়ন কৰাৰ শ্ল’গানেৰে সাফল্যৰ ফটা ঢোল বজাই আহিছে যদিও প্ৰকৃততে গ্ৰাম্য অঞ্চলৰ উন্নয়ন সাধন কৰিব নোৱাৰা বুলি অভিযোগ উত্থাপন হৈছে৷ সেয়েহে উন্নয়নৰ শ্লোগান দি শূন্যতে গদা ঘুৰাই থকা শাসনাধিষ্ঠিত মিত্ৰযোঁটৰ বিজেপি চৰকাখনক বালিপুখুৰী-পাতৃচুক সংযোগী পথৰ বাঁহৰ দলং দুখন অতি শ্ৰীঘে নিৰ্মাণ কৰি দিবলৈ ৰাইজে দাবী জনাইছে।অন্যথা আগন্তক নিৰ্বাচনত ভোট বৰ্জন কৰাৰ হুংকাৰ ৰাইজৰ।
প্ৰেৰক পুলকজ্যোতি বৰা