নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তৃতীয়বাৰলৈ বিল্বেশ্বৰ দেৱালয়ৰ দলৈ নিৰ্বাচিত ৰঞ্জিত মিশ্ৰ

নিয়মীয়া বার্তা, ১১ ছেপ্টেম্বৰ : অসম তথা উত্তৰ পূব ভাৰতৰ ঐতিহ্যমণ্ডিত শক্তিপীঠসমূহৰ অন্যতম, ইতিহাস প্ৰসিদ্ধ শ্ৰীশ্ৰীবিল্বেশ্বৰ দেৱালয়ৰ দলৈ পদত তৃতীয়বাৰৰ বাবে নিৰ্বাচিত হৈছে ৰঞ্জিত মিশ্ৰ ৷ বিল্বেশ্বৰ দেৱালয়ৰ বৰদেউৰী সমাজে প্ৰতি তিনি বছৰৰ মুৰে মুৰে দেৱালয়খন পৰিচালনাৰ কাৰণে এগৰাকী দলৈ নিৰ্বাচন কৰি দিয়াৰ ৰীতি মৰ্মে কালি আগন্তুক তিনি বছৰৰ বাবে এগৰাকী দলৈ নিৰ্বাচন কৰাৰ বাবে গণতান্ত্ৰিক পদ্ধতি অৱলম্বন কৰি ভোট দানৰ জৰিয়তে মিশ্ৰক দলৈ নিৰ্বাচিত কৰে ৷ কালি বিল্বেশ্বৰ দেৱালয়ত দেৱালয়খনৰ দলৈ নিৰ্বাচনৰ বাবে বেলট ভোটৰ ব্যৱস্থা কৰা হৈছিল৷ দলৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল পূৰ্বৰ দুটা কাৰ্যকালৰ দলৈ ৰঞ্জিত মিশ্ৰ আৰু সুবোধ মিশ্ৰই ৷ নিৰ্বাচনী বিষয়া বিনায়ক শৰ্মাৰ নেতৃত্বত অনুষ্ঠিত বেলট ভোট প্ৰক্ৰিয়াত মূঠ পালে ভোট ২১৫টা ভোটৰ বৈধ ভোট ওলায় ২১১টা ৷ ইয়াৰে ৰঞ্জিত মিশ্ৰই  ১২৪টা ভোট লাভ কৰাৰ বিপৰীতে প্ৰতিদ্বন্দ্বী সুবোধ মিশ্ৰই লাভ কৰে ৮৭টা ভোট ৷ ভোটগননাৰ অন্তত নিৰ্বাচনী বিষয়াগৰাকীয়ে ৰঞ্জিত মিশ্ৰক তেওঁৰ নিকততম প্ৰতিদ্বন্দ্বীগৰাকীতকৈ ৩৭টা ভোটৰ ব্যবধানত দলৈ নিৰ্বাচিত হোৱা বুলি ঘোষণা কৰে৷ উল্লেখযোগ্য যে দেৱালয়খনত মূঠ ভোটাৰ সংখ্যা আছিল ২৩৮টা ইয়াৰে ২৩গৰাকী ভোটাৰ অনুপস্থিত থকাত ২১৫গৰাকী ভোটাৰৰ মাজত নিৰ্বাচন অনুষ্ঠিত হৈছিল ৷ পূৰ্বৰ দুটা কাৰ্যকালৰ পিছত এইবাৰ তৃতীয়বাৰৰ বাবে  ৰঞ্জিত মিশ্র নির্বাচিত হয়৷
প্ৰেৰক তপন কুমাৰ শর্মা
You might also like