নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাণমচলা নিষিদ্ধৰ দাবীৰে তৰা আবেদনৰ শুনানি গ্ৰহণ ন্যায়ালয়ৰ

বিশেষ বাৰ্তা, ১২ ছেপ্টেম্বৰঃ পাণমচলা নিষিদ্ধৰ বাবে আদালতত পিআইএলৰ দাখিলৰ হেতু আজি শুনানি গ্ৰহণ কৰে ন্যায়ালয়ে। শুনানিত ৬টা পাণমচলা কোম্পানীলৈ জাননী প্ৰেৰণ ন্যায়ালয়ৰ। আনহাতে পৰৱৰ্তী শুনানিৰ দিনো ধাৰ্য কৰা হয়। ৰাজ্যত প্ৰচলিত পাণমচলা নিষিদ্ধকৰণৰ বাবে যুৱ নেতা জিতুল ডেকাই অলপতে গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰিছিল। পাণমচলাত বিষাক্ত মেগ্নেছিয়াম কাৰ্বনেট থকা হেতুকে নিষিদ্ধকৰণৰ বাবে তেওঁ এই আবেদন দাখিল কৰিছিল। আজি আবেদনৰ পুনৰ শুনানি গ্ৰহন কৰে ন্যায়ালয়ে। আদালতত চৰকাৰী পক্ষৰ হৈ মহাধিবক্তা দেৱজিত শইকীয়াই পাণমচলাত মেগ্নেচিয়াম কাৰ্বনেট থকা বুলি মানি লয়। এই সন্দৰ্ভত শপতনামা দাখিল কৰাৰ বাবে তেওঁ আদালতৰ ওচৰত সময় বিচাৰে। আজিৰ শুনানিত আদালতে ৬টা পাণমচলা প্ৰস্তুত কৰা প্ৰতিষ্ঠানলৈ জাননী জাৰি কৰে। উল্লেখযোগ্য যে যুৱ নেতা জিতুল ডেকাই বহিঃৰাজ্যৰ পৰীক্ষাগাৰত পাণমচলা পৰীক্ষা কৰি মেগনেছিয়াম কাৰ্বনেটৰ উপস্থিতি ধৰা পেলাইছিল। পৰবৰ্তী সময়ত তেওঁৰ আবেদন মৰ্মে আদালতৰ নিৰ্দেশত খাদ্য সুৰক্ষা বিভাগে অসমত প্ৰচলিত ৪৩বিধ পাণমচলা পৰীক্ষা কৰিছিল, যত মেগনেচিয়াম কাৰ্বনেট ধৰা পৰিছিল। মেগ্নেছিয়াম কাৰ্বনেট সেৱনৰ ফলত হৃদ ৰোগ, দুৰাৰোগ্য কৰ্কট ৰোগ হয়। সেয়ে পাণমচলা নিষিদ্ধকৰণ কৰিবলৈ আদালতৰ কাষ চাপিছিল জিতুল ডেকাই। আজি শুনানিত ৰজনীগন্ধা পানমচলা প্ৰস্তুতকাৰী ধৰমপাল সত্যপালৰ হৈ অধিবক্তা অশোক সাৰাফ উপস্থিত থাকে। জিতুল ডেকাৰ হৈ আদালতত যুক্তি দৰ্শায় অধিবক্তা অমিত গোৱেলে। পৰবৰ্তী শুনানিৰ বাবে ৭ নৱেম্বৰ দিন ধাৰ্য কৰা হয়।

You might also like