নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাসুগাঁও পৌৰসভাৰ চাফাই অভিযান

নিয়মীয়া বাৰ্তা, ১৬ ছেপ্টেম্বৰ : স্বচ্ছ ভাৰত মিছনৰ অংশ স্বৰূপে বাসুগাঁও পৌৰসভাৰ উদ্যোগত আজি চহৰখনত চাফাই অভিযান চলোৱা হয় । চিদলী চাৰ্কোলৰ (চি অ’) জ্ঞানদ্বীপ নেওগ, বাসুগাঁও পৌৰসভাৰ পৌৰপতি সাধন মণ্ডল, উপ-পৌৰপতি মহেশ বসুমতাৰীৰ উপৰি পৌৰসভাৰ কৰ্মচাৰী, বিভিন্ন আত্মসহায়ক গোটৰ সদস্যাসকল, স্বেচ্ছাসেৱী সংস্থাৰ সদস্য-সদস্যা, দলীয় বিষয়ববীয়াসকলৰ উপস্থিতিত পৌৰসভাৰ এলেকা পৰিভ্ৰমণ কৰি চাফাই অভিযান চলোৱা হয় । এক আছুতীয়া সাক্ষাৎকাৰত বাসুগাঁও পৌৰসভা এলেকাটি অকল আজিয়েই নহয়, আগলৈও যাতে স্বচ্ছ কৰি ৰখাত গুৰুত্ব আৰোপ কৰে, আমি নজৰ ৰাখিম বুলি উল্লেখ কৰে চাৰ্কোল অফিচাৰ জ্ঞানদ্বীপ নেওগে । বাসুগাঁওবাসী প্ৰতিজন লোকে চাফাইৰ প্ৰতি গুৰুত্ব আৰোপ কৰি এক আদৰ্শ চহৰ হিচাপে গঢ়ি তোলাত মনোনিৱেশ কৰে, তাৰ প্ৰতি আহ্বান জনায় বাসুগাঁও পৌৰসভাৰ পৌৰপতি সাধন মণ্ডলে । উল্লেখযোগ্য যে সময়ে সময়ে বাসুগাঁও পৌৰসভাৰ লগতে বিভিন্ন স্বেচ্ছাসেৱী সংস্থাই চাফাই অভিযান চলাই আহিছে যদিও ঠায়ে ঠায়ে জাবৰ-জোঁথৰে ভৰি থকাৰ লগতে ঠায়ে ঠায়ে বাট-পথসমূহ এজাক বৰষুণতে বোকা-পানীৰে একাকাৰ হৈ কদৰ্যময় পৰিৱেশৰ সৃষ্টি হৈ আহিছে বাসুগাঁও পৌৰসভা এলেকাত ।

প্ৰেৰক ভৃগু মুনি ৰায়

You might also like