নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্যৱসায়িক বাহনৰ গৰাকীলৈ ৰাজ্য চৰকাৰৰ সুখবৰ

👉বাহনৰ ফিটনেছ প্ৰমাণপত্ৰৰ বিলম্ব মাচুল হ্ৰাসৰ সময় এমাহলৈ বৃদ্ধি

বিশেষ বাৰ্তা, ২০ ছেপ্টেম্বৰঃ বাণিজ্যিক বাহনৰ গৰাকীলৈ বৃহৎ সকাহ দি ফিটনেছ প্ৰমাণপত্ৰৰ বিলম্ব মাচুল হ্ৰাসৰ সময় আকৌ এমাহলৈ বৃদ্ধি কৰিছে ৰাজ্য চৰকাৰে। উল্লেখ্য যে,মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ তৎপৰতাত অসম চৰকাৰৰ পৰিবহণ বিভাগে বিভিন্ন শ্ৰেণীৰ ব্যৱসায়িক বাহনলৈ বৃহৎ সকাহ দি “ফিটনেছ” অৰ্থাৎ সক্ষমতাৰ প্ৰমাণপত্ৰৰ বিলম্ব মাচুল হ্ৰাস কৰাৰ এখন অভিলাষী আঁচনি গ্ৰহণ কৰে৷ সেই অনুসৰি যোৱা ১৫ জুলাইত আঁচনিখনৰ কাম আৰম্ভ হৈ ১৫অক্টোবৰলৈকে তিনি মাহ পৰ্যন্ত ফিটনেছৰ প্ৰমানপত্ৰৰ কাম সম্পন্ন হ’ব। আবেদনকাৰীক প্ৰথম দুমাহৰ ভিতৰত অৰ্থাৎ ১৫ ছেপ্টেম্বৰৰ ভিতৰত আবেদন কৰিবলৈ কোৱা হৈছিল। কিন্তু বাণিজ্যিক বাহনৰ গৰাকীৰ বিভিন্ন সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যপালে ফিটনেছ প্ৰমাণপত্ৰৰ নৱীকৰণৰ কাম পূণৰ এমাহলৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে। সেয়ে এতিয়া আবেদনকাৰীয়ে আগন্তুক ১৫ অক্টোবৰলৈকে ফিটনেছ প্ৰমাণপত্ৰৰ নৱীকৰণৰ বাবে আৱেদন কৰিব পাৰিব আৰু বিলম্ব মাছুলো হ্ৰাস কৰা অনুসৰি পৰিশোধ কৰিব পাৰিব৷ পূৰ্বৰ দৈনিক বিলম্ব মাচুল ৫০ টকাৰ পৰিবৰ্তে আগন্তুক এমাহৰ সময়চোৱাত তিনিচকীয়া পৰিবহণ বাহনে ১০ টকা, বাণিজ্যিক ট্ৰেক্টৰে ১৫ টকা, চাৰিচকীয়া পৰিবহণ বাহনে ২০টকা আৰু গধুৰ বাণিজ্যিক বাহন,পৰিবহণ বাহনসহ অনান্য বাহনে ২৫ টকাকৈ বিলম্ব ফিটনেছ মাচুল পৰিশোধ কৰিব লাগিব । পৰিবহণ বিভাগে ফিটনেছ প্ৰমাণপত্ৰ নৱীকৰণ আৰু বিলম্ব মাছুল কেইবাবাৰলৈকে হ্ৰাস কৰা অভিলাষী আঁচনিখনৰ এই বৃহৎ সুবিধা লাভ কৰি বাহনসমূহ সক্ষম তথা বৈধ কৰি ৰাখিহে পথত চলাচল কৰিবলৈ ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্ত তথা কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দায়িত্ববাহী পৰিবহণ বিষয়া গৌতম দাসে আহ্বান জনায়। কিয়নো বাৰম্বাৰ বৃহৎ সকাহ দিয়াৰ পিছতো কোনো বাহনে আৰু যদি এমাহৰ পিছত ফিটনেছ প্ৰমাণপত্ৰ অবিহনে ধৰা পৰে তেন্তে সেই বাহনখনৰ কাৰ্যসক্ষমতা সমাপ্তি হোৱা বুলি গণ্য কৰা হ’ব ৷ লগতে তেনে বাহনৰ পঞ্জীয়ন বাতিল কৰা হ’ব আৰু বাহনখন জব্দ কৰি স্ক্ৰেপিঙৰ বাবে আৰ. ভি. এছ. এফক গতাই দিয়া হ’ব ৷ সেয়ে বাহনৰ সন্মানীয় মালিকক উদ্যেশি সহকাৰী পৰিবহণ আয়ুক্ত গৰাকীয়ে www.parivahan.gov.inত অনতিপলমে আবেদন কৰিবলৈ কয় ৷ এই সুবিধা লাভ কৰিবলৈ যানবাহনৰ পথকৰ পৰিশোধৰ লগতে সকলো যাৱতীয় নথিপত্ৰ আপলোড কৰাৰ পিছত সংশ্লিষ্ট জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ে দিয়া দিনত নিজৰ নিজৰ বাহনৰ সক্ষমতাৰ পৰীক্ষণ কৰাবলৈ বাহনৰ গৰাকীৰ প্ৰতি সহকাৰী পৰিবহণ আয়ুক্ত গৰাকীয়ে বিনম্ৰতাৰে আহ্বান জনায়।

You might also like