নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাগালেণ্ডত ভয়াৱহ পথ দুৰ্ঘটনাত ৮জনৰ মৃত্যু

বিশেষ বাৰ্তা, ২০ ছেপ্টেম্বৰঃ চুবুৰীয়া ৰাজ্য নাগালেণ্ডত আজি পুৱা সংঘটিত এক ভয়াবহ পথ দুৰ্ঘটনাত আঠজনকৈ লোকে প্ৰাণ হেৰুৱায়। নাগালেণ্ডৰ নতুনকৈ গঠিত চেমিনিউ জিলাত এই ভয়াৱহ দুৰ্ঘটনা সংঘটিত হৈছে। নিহত আঠ যাত্ৰীৰ ভিতৰত ৬গৰাকীয়েই মহিলা যাত্ৰী আছিল। ঘটনা সন্দৰ্ভত জানিব পৰা মতে, আজি পুৱা প্ৰায় ৬ বজাত ক’হিমাৰ পৰা মোককচাঙলৈ বুলি যাত্ৰা কৰিছিল এন এল-০২ টি- ২১২৪ নম্বৰৰ অভিশপ্ত ছুমোখনে । চালকসহ মুঠ আঠজন যাত্ৰীক লৈ যাত্ৰা কৰা টাটা ছুমোখনে এ এছ-০৯চি-৬১৮৭ নম্বৰৰ বিপৰীতমুখী বালি কঢ়িয়াই নিয়া এখন ট্ৰাকৰ সৈতে সংঘৰ্ষত পতিত হয়। সংঘৰ্ষত পতিত হোৱাৰ পিছতে দুয়োখন গাড়ী পথৰ পৰা পাহাৰৰ তললৈ বাগৰি পৰে। কে. ষ্টেচন নামৰ ঠাইত সংঘটিত এই দুৰ্ঘটনাত দুয়োখন গাড়ী পাহাৰৰ পৰা প্ৰায় এশ-ডেৰশ ফুট তলত পৰেগৈ। ছুমোখন পাহাৰৰ পৰা বাগৰি পৰাৰ পিছতেই ট্ৰাকখন যাত্ৰীভৰ্তি ছুমোখনৰ ওপৰতে বাগৰি পৰি হেঁচা মাৰি ধৰে। বালিভৰ্তি ট্ৰাকখন চুমুখনৰ ওপৰত বাগৰি পৰাত চেপেটা হৈ পৰে ছুমোখন। পুৱা প্ৰায় ৭-৫০ মান বজাত সংঘটিত এই ভয়াবহ দুৰ্ঘটনাটোত পাঁ‌চগৰাকী মহিলাসহ সাতজন লোকৰ থিতাতে মৃত্যু হয়। আনহাতে, এগৰাকী যুৱতীক মূমুৰ্ষ অৱস্থাত স্থানীয় লোকে উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও পথতে মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে। সংকটজনক অৱস্থাত ইমলি মেনলাক ক’হিমালৈ এম্বুলেন্সযোগে লৈ যোৱা হৈছিল যদিও পথতে মৃত্যুক আঁকোৱালি লয় । চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হোৱা যুৱতীগৰাকীক ইমলি মেনলা (২৪) বুলি চিনাক্ত কৰা হৈছে । নিহত আন কেইগৰাকী হৈছে – চাংলে খুম্বা চাং (২৬), নুনেনিউ তালি (২৫), ইমকংচিলা (২৫), টেমচু টোছি জমিৰ (৩২), ছেন্টি মোংলা ইমচং (২৩), থিয়াকলা আও (২৩) আৰু নুকচাং ইংলা লুংচাৰী (২৪)। নাগালেণ্ডৰ এছ ডি আৰ এফৰ লগতে আৰক্ষী আৰু স্থানীয় লোকে উদ্ধাৰ অভিযান চলায়। প্ৰতিকুল বতৰৰ বাবে উদ্ধাৰ অভিযানত সমস্যাৰ সৃষ্টি হ’লেও প্ৰায় ১১ মান বজাত আটাইকেইটা মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ইফালে, অভিশপ্ত ছুমোখনৰ সৈতে দুৰ্ঘটনাত পতিত হোৱা এল পি ট্ৰাকখনে অসমৰ গোলাঘাটৰ মেৰাপানীৰ পৰা ক’হিমালৈ বালি কঢ়িয়াই নিছিল। ইতিমধ্যে অসমৰ ট্ৰাকখনৰ চালক গোলাঘাটৰ পবিত্ৰ গগৈৰ লগতে হেণ্ডিমেন নিতুৰাজ গগৈ আৰু উত্তম গগৈক চেমিনিউ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বুলি এক বিজ্ঞপ্তিত প্ৰকাশ কৰিছে। এই দুৰ্ঘটনাত নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ’ই গভীৰ শোক প্ৰকাশ কৰাৰ লগতে মৃতকৰ নিকট আত্মীয়লৈ দুই লাখ টকাকৈ এককালীল সাহায্যৰ কথা ঘোষনা কৰিছে। ভয়াবহ দুৰ্ঘটনাটোৱে চুবুৰীয়া ৰাজ্যখনক জোকাৰি গৈছে ।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like