বিশেষ বাৰ্তা, ২০ ছেপ্টেম্বৰঃ বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই দুদিনীয়া কার্যসূচীৰে আজি পুৱাৰ ভাগতে উপস্থিত হয় ৰাজস্থানত৷ ৰাজস্থানৰ যোধপুৰত এখন বিশাল নির্বাচনী সমাৱেশত মুখ্যমন্ত্রী ড০ শর্মাই অংশগ্রহণ কৰে৷ লগতে এখন সংবাদমেলো সম্বোধন কৰে৷ বিশাল নির্বাচনী সমাৱেশ আৰু সংবাদমেলখনত মুখ্যমন্ত্রী ড০ শর্মাই কংগ্রেছ দল আৰু ৰাজস্থানৰ বর্তমানৰ অশোক গেহলট নেতৃত্বাধীন কংগ্রেছ চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে৷ হিন্দু ধর্মক এইডছ্, মেলেৰিয়া আদিৰ সৈতে তুলনা কৰি হিন্দু ধর্ম শেষ কৰিবলৈ ষ্টেলিন পুত্রই জনোৱা আহ্বান সম্পর্কত মুখ্যমন্ত্রী ড০ শর্মাই এয়া গান্ধী পৰিয়ালৰ পৰামর্শ মর্মেই তেনেদৰে কোৱা বুলি মন্তব্য কৰে৷ অসমৰ তুলনাত ৰাজস্থানত পেট্র’ল–ডিজেলৰ দাম বেছিৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অসমত প্রতি লিটাৰ ডিজেলৰ দাম ৯০ টকা আৰু ৰাজস্থানত ৯৩ টকা৷ অসমত প্রতি লিটাৰ পেট্র’লৰ দাম ৯৮ টকা, ৰাজস্থানত ১০৮ টকা৷ অর্থাৎ অসমৰ তুলনাত ৰাজস্থানত প্রতি লিটাৰ পেট্র’লৰ দাম ১০ টকা বেছি আৰু প্রতি লিটাৰ ডিজেলৰ দাম ৩ টকা বেছি৷ বিদ্যুৎ মাচুলো ৰাজস্থানৰ তুলনাত অসমত কম৷ ৰিজার্ভ বেংক অব ইণ্ডিয়াৰ তথ্য অনুসৰি দেশত মুদ্রাস্ফীতি ৬.৮ শতাংশ৷ ৰাজস্থানত ৮.৬ শতাংশ৷ ইয়াৰ বিপৰীতে অসমত মুদ্রাস্ফীতি ৪ শতাংশ৷ নাৰী নির্যাতনৰ ক্ষেত্রতো ৰাজস্থানে সকলো ৰাজ্যকে চেৰ পেলাইছে৷ তুষ্টিকৰণৰ ক্ষেত্রতো ৰাজস্থান আৰু কর্ণাটকৰ মাজত কোন বেছি আগবাঢ়িব পাৰে তাৰ প্রতিযোগিতা চলিছে৷ আসন্ন বিধানসভা নির্বাচনত ৰাজস্থানত এইবাৰ বিজেপিয়ে চৰকাৰ কৰিবলৈ সক্ষম হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বিজেপিৰ জয় নিত্য নৈমিত্তিক ঘটনা৷ কিন্তু ক’ৰবাত কংগ্রেছে এখন আসনত জিকিলেই বিশ্ব বিজয় কৰা বুলি ভাবে৷ ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই কংগ্রেছৰ টুইটাৰত ভাৰতৰ মানচিত্রখনত উত্তৰ–পূবৰ অংশটো কাটি ৰখাৰ উল্লেখ কৰি কয় যে কংগ্রেছ বিহাৰ, পশ্চিমবংগলৈহে গৈ পায়৷ তাৰ আগলৈ নাযায়৷ ৰাহুল গান্ধীৰ পৰিয়ালৰ প্রমুখ জৱাহৰলাল নেহৰুৰ দিনতে চীনে অসমলৈ আহিছিল৷ কিন্তু আজি ভাৰতৰ সেনা মজবুত৷ চীন এতিয়া ভাৰতৰ ভিতৰলৈ অহাৰ সম্ভাৱনাই নাই৷ ইয়াৰ পাছতো ৰাহুল গান্ধীয়ে ভাৰতীয় সেনাক মানসিকভাৱে দুর্বল কৰাৰ চেষ্টা কৰে৷ ভাৰতৰ বাহিৰলৈ গৈ ভাৰত বিৰোধী বক্তব্য ৰাখে৷ ইপিনে কংগ্রেছ নেত্রী ছোনিয়া গান্ধীয়ে লোকসভা–বিধানসভা মহিলাৰ বাবে আসন সংৰক্ষণৰ বিধেয়কৰ সমর্থন কৰিবলৈ গৈ প্রয়াত প্রধানমন্ত্রী তথা তেওঁৰ স্বামী ৰাজীৱ গান্ধীৰ বিষয়ে উল্লেখ কৰা কার্যত প্রতিক্রিয়া ব্যক্ত কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বিধেয়কখন ৰাজীৱ গান্ধীৰ আছিল৷ কিন্তু সেই সময়ত ইউপিএ এফালে বিধেয়কখন সদনত উত্থাপন কৰে, আনফালে তেওঁলোকৰে মিত্র লালু প্রসাদ যাদৱক সদনত বিৰোধিতা কৰিবলৈ দিয়ে৷ বিধেয়কখনক লৈ কংগ্রেছে ইমানদিনে নাটক কৰি আছে৷ সেয়ে তেওঁ কংগ্রেছ নেত্রী ছোনিয়া গান্ধীক এই বিষয়টোৰ ক্ষেত্রত ৰাজীৱ গান্ধীৰ নাম উল্লেখ নকৰিবলৈ আহ্বান জনায়৷ ৰাজহুৱা সভাখনত মুখ্যমন্ত্রী ড০ শর্মাই যোৱা বিধানসভা নির্বাচনৰ সময়ত দিয়া প্রতিশ্রুতি ৰক্ষা কৰি বর্তমানৰ অসম চৰকাৰে ইতিমধ্যে প্রায় ১ লাখ নিবনুৱাক চৰকাৰী চাকৰিত নিযুক্তি প্রদান, মাইক্র’ ফাইনেন্সৰ ঋণৰ পৰা মহিলাসকলক সকাহ দিয়া আৰু অৰুণোদয় আঁচনিৰ অধীনত মহিলাসকলক প্রতি মাহে ১২৫০ টকাকৈ প্রদান কৰাৰ বিষয়ে উল্লেখ কৰে৷ ইয়াৰ বিপৰীতে ৰাজস্থান চৰকাৰক সমালোচনা কৰি তেওঁ কয় যে ৰাজস্থানত নির্বাচনলৈ ছমাহ থকা সময়ত আঁচনি ঘোষণা কৰা হয়৷ কিন্তু পূর্বৰ চাৰে চাৰি বছৰত একো কৰা নহয়৷