নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশদ্রোহী : ওড়িশাৰ চিআইডিয়ে গ্রেপ্তাৰ কৰিলে বটদ্রৱাৰ যুৱকক

🔹 ভাৰতৰ গোপন তথ্য পাকিস্তানী যুৱকক যোগান

🔹 বেংগালুৰুৰ পৰা আহি গেন্ধুৱা পথাৰৰ ঘৰত আত্মগোপন কৰিছিল ইকবাল হুছেইনে

নিয়মীয়া বার্তা, ২১ ছেপ্টম্বৰ : পাকিস্তানৰ যুৱকৰ সৈতে দেশবিৰোধী কার্যকলাপত লিপ্ত থকাৰ অভিযোগত চিআইডিৰ জালত পৰে নগাঁও জিলাৰ জাজৰি আৰক্ষী থানাৰ অন্তর্গত বটদ্রৱাৰ সমীপৱর্তী গেন্ধুৱা পথাৰৰ যুৱক৷ ওড়িশাৰ চিআইডিৰ এটা দল আৰু জাজৰি আৰক্ষীৰ অভিযানত আটক কৰে ইকবাল হুছেইন নামৰ যুৱকজনক৷ পাকিস্তানৰ আব্দুল হামিদ নামৰ এজন যুৱকৰ সৈতে দেশবিৰোধী কার্যকলাপত জড়িত থকাৰ লগতে ভাৰতৰ গোপনীয় তথ্য যোগান ধৰাৰ অভিযোগৰ ভিত্তিত আটক কৰা হয় ইকবাল হুছেইনক৷ আটকাধীন ইকবাল হুছেইনে বিগত সময়ত বেংগালুৰুত কর্মৰত হৈ আছিল যদিও আজি কিছুদিনৰ পৰা ৰহস্যজনকভাৱে বটদ্রৱাৰ সমীপৱর্তী গেন্ধুৱা পথাৰৰ নিজা বাসগৃহত আত্মগোপন কৰি আছিল৷ বিশেষ সূত্রৰ পম খেদি বর্তমান ওড়িশাৰ চিআইডিৰ এটা দলে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে জাজৰি আৰক্ষী থানাত যুৱকজনক৷

প্ৰেৰক কন্দৰ্প কুমাৰ কলিতা

You might also like