নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৬৭খন দেশ বাইকেৰে ভ্রমণ কৰিব গুৱাহাটীৰ মীনাক্ষিয়ে

🔹 মহিলা সবলীকৰণৰ সজাগতা সৃষ্টিৰ লক্ষ্য

ষ্টাফ ৰিপ’ৰ্টাৰ, ২১ ছেপ্টেম্বৰ : সমাজৰ কোনো ক্ষেত্রতে পিছপৰি ৰোৱা নাই নাৰী সমাজ৷ সেয়া দুঃসাহসিক ক্রীড়াই কিয় নহওক৷ সমাজৰ বিভিন্ন ক্ষেত্রত অগ্রণী ভূমিকা পালনেৰে কেইবাগৰাকীও অসম-কন্যাই ৰাজ্যবাসীক গৌৰৱান্বিত কৰি তুলিছে৷ এইবাৰ ৰাজ্যৰ এগৰাকী সাহসী মহিলাই বিশ্বৰ ৬৭খন দেশ অকলে মটৰচাইকেলেৰে ভ্রমণ কৰিবলৈ পৰিকল্পনা কৰিছে৷ পাঞ্জাবাৰীৰ বাসিন্দা তথা এটি সন্তানৰ মাতৃ মীনাক্ষি দাসে অহা ১ ডিচেম্বৰত গুৱাহাটীৰ পৰা এই যাত্রা আৰম্ভ কৰিব৷ কালি দিছপুৰ প্রেছ ক্লাবত এখন সংবাদ মেলত তেওঁ প্রকাশ কৰা অনুসৰি, গুৱাহাটীৰ পৰা আৰম্ভ কৰা এই যাত্রাৰ প্রথম গন্তব্যস্থান হ’ব নেপাল৷ তাৰ পৰা বিহাৰ হৈ পুনৰ মুম্বাইলৈ উভতি আহিব৷ মুম্বাইৰ পৰা তেওঁ ৰাওনা হ’ব ওমান অভিমুখে৷ ওমানৰ পৰা তেওঁ মধ্যপ্রাচ্যৰ দেশসমূহ ভ্রমণ কৰিব৷ এনেদৰে প্রায় ১০ মাহৰ যাত্রাত তেওঁ ৬৭খন দেশ সামৰি ল’বলৈ চেষ্টা কৰিব বুলি প্রকাশ কৰে৷ কি উদ্দেশ্যে এনেদৰে একক বাইক ৰেলীৰে বিশ্ব ভ্রমণ কৰিবলৈ তেওঁ পৰিকল্পনা কৰিলে বুলি সোধা এক প্রশ্ণৰ উত্তৰত কয়- ‘মহিলা কোনো ক্ষেত্রতে পিছপৰি থকা নাই৷ বাইকেৰে ভ্রমণ কৰাৰ ক্ষমতাও মহিলাৰ আছে৷ মই এটা উদাহৰণ স্থাপন কৰিব বিচাৰিছোঁ৷ এই যাত্রাত প্রত্যাহ্বান আহিব৷ কিন্তু এই প্রত্যাহ্বান নেওচি মই মোৰ যাত্রা সম্পূর্ণ কৰিবলৈ চেষ্টা কৰিম৷ তদুপৰি এই ভ্রমণৰ আন এক উদ্দেশ্য হৈছে মহিলা সবলীকৰণ৷ মই বিশ্বাস কৰোঁ যে নাৰীৰ শক্তি আৰু সম্ভাৱনা সীমাহীন৷ মই আনকো নিজৰ সপোন নির্ভয়ে পূৰণ কৰিবলৈ অনুপ্রাণিত কৰিব বিচাৰোঁ৷ মোৰ এই ভ্রমণৰ সময়ত ভিন্ন দেশৰ ভিন্ন সংস্কৃতিৰ সুবাস মই লাভ কৰিম৷ বিচিত্রময় লোকৰ মই সংগ লাভ কৰিবলৈ সক্ষম হ’ম৷ নিঃসন্দেহে মোৰ বাবে এয়া এক ৰোমাঞ্চকৰ যাত্রা হ’ব৷’ উল্লেখ্য যে এয়াই তেওঁৰ প্রথম ভ্রমণ নহয়৷ ইয়াৰ পূর্বেও গুৱাহাটীৰ পৰা তেওঁ নেপাললৈ বাইকেৰে ভ্রমণ কৰিছিল৷ সেই সময়তো ব্যাপক সঁহাৰি লাভ কৰিবলৈ সক্ষম হোৱা বুলি তেওঁ সদৰী কৰে৷ তদুপৰি আজাদী কা অমৃত মহোৎসৱ উপলক্ষে দেশৰ আগশাৰীৰ ৭৫জন বাইক ৰাইডাৰৰ এটা দলক উত্তৰ–পূর্বাঞ্চলক মীনাক্ষি দাসে নেতৃত্ব দিবলৈ সুযোগ লাভ কৰিছিল৷ মীনাক্ষিৰ নেতৃত্বতে এই দলটোৱে উত্তৰ–পূর্বাঞ্চলৰ ছিকিম ভ্রমণ কৰিছিল৷ ইয়াৰ পাছতে তেওঁ উপ–ৰাষ্ট্রপতিক সাক্ষাৎ কৰাৰ সুযোগ লাভ কৰিছিল৷ সেই সময়ত তেওঁ অনুভৱ কৰিছিল যে উত্তৰ–পূর্বাঞ্চলৰ বিষয়ে দেশৰ বহু লোক এতিয়াও অজ্ঞ৷ সেয়েহে ৬৭খন দেশ সামৰি উলিয়াবলগীয়া এই একক বাইক ভ্রমণৰ সময়ত তেওঁৰ অন্যতম লক্ষ্য হ’ব উত্তৰ–পূর্বাঞ্চলৰ বিষয়ে অৱগত কৰা৷

You might also like