নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাহোৱালত সাংবাদিকক মেনেজৰ চেষ্টা অটোচালক সন্থাৰ বিষয়ববীয়াৰ

🔹 তিনিচকীয়া বাহনৰ অতপালিৰ বাতৰি নকৰিবলৈ আহ্বান

নিয়মীয়া বাৰ্তা,  ২১ ছেপ্টেম্বৰ : লাহোৱালৰ পৰা ডিব্ৰুগড় মাৰোৱাৰীপট্টিলৈকে দৈনিক চলাচল কৰা তিনিচকীয়া বাহনৰ দিনকদিনে অতপালি বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ তিনিচকীয়া বাহনৰ অতপালিৰ বিৰুদ্ধে ধাৰাবাহিক বাতৰি প্ৰকাশ হোৱাৰ পিছতে কেৱল দুদিনমানৰ বাবে নাটকৰ আখৰা কৰা সদৃশ ডিব্ৰুগড় যান-বাহন আৰক্ষীয়ে ডিব্ৰুগড় চাউলখোৱাৰ ৰেল ষ্টেচনত পুৱা লিডুৰ পৰা ডিব্ৰুগড় অভিমুখী ডেম ট্ৰেইনখন অহাৰ সময়ত তিনিচকীয়া বাহনসমূহে ৰেলযাত্ৰীসকলক কঢ়িয়াবলৈ কৰা হেতা-ওপৰা কৰাৰ ফলত সৃষ্টি হোৱা যান-জঁট নিয়ন্ত্ৰণ কৰিবলৈ টহল দিয়াত তীব্ৰ যান-জঁট শাম কাটিছিল যদিও আজি কোনো যান-বাহন আৰক্ষী নথকাত পুনৰ তীব্ৰ যান-জঁট সৃষ্টি হোৱা পৰিলক্ষিত হয়। উল্লেখযোগ্য যে লাহোৱালৰ পৰা ডিব্ৰুগড় মাৰোৱাৰীপট্টিলৈ তিনিচকীয়া বাহনসমূহৰ চালক আৰু হেণ্ডিমেনে সীমিত আসনতকৈ অধিক যাত্ৰী কঢ়িওৱাৰ উপৰি যাত্ৰীসকলক অভব্য আচৰণ কৰি অহা বুলিও অভিযোগ উঠিছে। তদুপৰি লাহোৱালৰ পৰা ডিব্ৰুগড়লৈ যাম বুলি যাত্ৰীসকলক উঠাই কমসংখ্যক যাত্ৰী হ’লে আদবাটতে নমাই দিয়া বুলিও অভিযোগ উঠিছে ৷ লাহোৱালৰ পৰা ডিব্ৰুগড় চহৰলৈ তিনিচকীয়া বাহনৰ ভাড়া ২০ টকাৰ ঠাইত বিক্ৰম চালকসকলে সহজ-সৰল যাত্ৰী পালে ৩০/৪০ টকা পৰ্যন্ত আদায় লোৱা বুলিও অভিযোগ উঠিছে ৷ একাংশ বিক্ৰম চালকে ইমানেই অতপালি কৰে যে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথটোত তীব্ৰ বেগত গৈ হঠাৎ য’তে-ত’তে ৰখাই দিয়াৰ উপৰি কোনো আগ-পাছ নোচোৱাকৈ তিনিচকীয়া বাহনসমূহ হঠাৎ-এ পথৰ মাজতে ৰখাই দিয়াৰ ফলত মাজে সময়ে বহু দুৰ্ঘটনাও সংঘটিত হৈ আহিছে যদিও তিনিচকীয়া বাহনৰ চালকসকলে সেইসমূহ দুৰ্ঘটনাৰ পৰা কোনো শিক্ষাগ্ৰহণ নকৰে। ইফালে, তিনিচকীয়া বাহনৰ এই অতপালিৰ বিৰুদ্ধে ‘নিয়মীয়া বাৰ্তা’ত ধাৰাবাহিক বাতৰি প্ৰকাশ হোৱাৰ পিছতে লাহোৱালৰ অটোচালক সন্থাৰ বিষয়ববীয়া জনৈক হাজৰিকা নামৰ লোকজনে সাংবাদিকক মাহিলি এক হাজাৰকৈ প্ৰদান কৰাৰ প্ৰলোভন দি তিনিচকীয়া বাহনৰ অতপালিৰ বিৰুদ্ধে বাতৰি নকৰিবলৈ আহ্বান জনোৱা কথায়ো এতিয়া  আমোদৰ সৃষ্টি কৰিছে ৷

প্ৰেৰক কাঞ্চনজ্যোতি গোঁহাই

You might also like