নিয়মীয়া বাৰ্তা, ২২ ছেপ্টেম্বৰ : পুনৰ উন্মোচিত হ’ল স্বাস্থ্য বিভাগৰ পয়ালগা ছবি। এম্বুলেন্সৰ অভাৱত ই-ৰিক্সাতে সন্তান প্ৰসৱ কৰিলে এগৰাকী প্ৰসূতিয়ে | বাঘবৰৰ আলোপতিত বৃহস্পতিবাৰে আবেলি চেঙাৰ খোলাবান্ধাৰ পৰা এগৰাকী গৰ্ভৱতী মহিলা প্ৰসৱ বেদনাত ছটফটাই থকাত এম্বুলেন্স নাপাই ই-ৰিক্সাৰে ততাতৈয়াকৈ লৈ যোৱা হৈছিল আলোপতি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰলৈ। পিছে আদবাটতে ই-ৰিক্সাখনতে অতি বিপজ্জনকভাৱে এগৰাকী কন্যা সন্তান জন্ম দিয়ে প্ৰসূতিগৰাকীয়ে৷ ফলত প্ৰসূতিগৰাকীৰ অত্যধিক ৰক্তক্ষৰণ হোৱাৰ লগতে শিশুটিয়েও মূৰত আঘাত পোৱা বুলি সদৰী কৰে | লগে লগে মাতৃ আৰু নৱজাতকক আলোপতি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও প্ৰাথমিক চিকিৎসাৰ অন্তত দুয়োকে উন্নত চিকিৎসাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণৰ পৰামৰ্শ দিয়ে | পিছে আলোপতি চিকিৎসালয়ত এখন এম্বুলেন্স আছে যদিও এম্বুলেন্সৰ নামত কেৱল জঁকাটোহে আছে। ঠেলি মৰিলেও ষ্টাৰ্ট নহয় এম্বুলেন্সখন ৷ অৱশেষত পুনৰ এখন ই-ৰিক্সাৰে অসুস্থ নৱজাতক আৰু মাতৃগৰাকীক ষ্টেচনলৈ লৈ যোৱা হয় | বাঘবৰৰ আলোপতিৰ এই ঘটনাই স্বাস্থ্য বিভাগৰ নগ্ন ছবিখন উদঙাই দিছে ৷ শীঘ্ৰেই আলোপতি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত অতিৰিক্ত এম্বুলেন্স প্ৰদানৰ লগতে অঞ্চলটোৰ বাট-পথ উন্নয়নৰ দাবী জনাইছে ৰাইজে৷
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস