ভিন্ন ক্ষেত্রৰ সাত ব্যক্তিক প্রতিমা বৰুৱা পাণ্ডে বঁটা প্রদান
নিয়মীয়া বাৰ্তা ১৮ ফেব্ৰুৱাৰীঃ অসমৰ সাহিত্য আৰু সাংস্কৃতিক জগতত সেৱা আগবঢ়াই অহা অসম ভেলী ফাষ্ট ছার্ভিচৰ উদ্যোগত আৰু অসম কাব্যকুঞ্জৰ সহযোগত সোমবাৰে গুৱাহাটী প্রেছ ক্লাবত প্রতিমা বৰুৱা পাণ্ডে ৰাজ্যিক বঁটা ২০২০ প্রদান কৰা হয়৷ অসমৰ সাহিত্য, সাংস্কৃতিক তথা অন্যান্য দিশত নিজকে প্রতিষ্ঠিত কৰি সুনাম অর্জন কৰিবলৈ সক্ষম হোৱা কেইবাগৰাকীও ব্যক্তিক এই বঁটা প্রদান কৰা হয়৷ লেখিকা মঞ্জু হাজৰিকাক শ্রেষ্ঠ সাহিত্য কর্মীৰ বঁটা, পূর্ণিমা হাজৰিকাক বাস্তৱবাদী কবি–লেখিকাৰ সন্মান, মামণি চুতীয়া গগৈক কণ্ঠ মুকুতা, মেৰিলিন দত্তক যুৱ ব্যৱসায়ীৰ বঁটা, ৰাজীৱ আহমেদক শ্রেষ্ঠ তথ্যমূলক গ্রন্থৰ সন্মান, চফিকা আহমেদক জনপ্রিয় কবিৰ বঁটা, মুস্তাফা ছামিক যুৱ ব্যৱসায়ীৰ বঁটা প্রদান কৰা হয়৷ অনুষ্ঠানটিৰ আৰম্ভণি কৰে প্রতিমা বৰুৱা পাণ্ডেৰ এটি লোকগীতেৰে কবি, গায়ক আলটেমা হুছেইনে৷ অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বৃহত্তৰ দিছপুৰ শাখা লেখিকা সন্থাৰ সম্পাদিকা নিজৰা জান্নাত, বিশিষ্ট শিক্ষাবিদ ড০ এছ আই চৌধুৰী, আৰোহণ ইনষ্টিটিউটৰ সঞ্চালিকা সীমা বৰা, লোকশিল্পী দধিৰাম শর্মা আৰু বিন্দু আলোচনীৰ সম্পাদক কমল কুমাৰ৷ সদৌ অসম সাংস্কৃতিক সমন্বয়ক সন্থাৰ সভাপতি গগণাষ্টম গগৈ আৰু কমল কুমাৰে পৰিচালনা কৰা এই অনুষ্ঠানটিত অনাতাঁৰ শিল্পী জুৰি শর্মা আৰু নাৰায়ণ কলিতাই গোৱালপাৰীয়া লোকগীত পৰিৱেশন কৰে৷ অনুষ্ঠানটিৰ শেষত অসম কাব্যকুঞ্জৰ সম্পাদক বিজিত শর্মাই সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে৷