নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলগাছিয়াত ড্ৰাগছ সৰবৰাহকাৰীক খেদি খেদি আটক আৰক্ষীৰ

নিয়মীয়া বাৰ্তা, ২২ ছেপ্টেম্বৰ : যি সময়ত অসমত শাসনাধিষ্ঠিত বিজেপি চৰকাৰে প্ৰত্যেকখন সমাজ ড্ৰাগছমুক্ত কৰাৰ বাবে সঘনাই ৰাইজৰ মাজত বহলভাৱে প্ৰচাৰ কৰি আছে। সকলো সময়তে অসম আৰক্ষীয়ে বিভিন্ন কৌশল অৱলম্বন কৰি ড্ৰাগছৰ লগত জড়িত ব্যক্তি সকলক আইনৰ মাধ্যমেৰে আটক কৰিবলৈ সক্ষম হৈছে যদিও তেনে এক সময়ত বৰপেটাৰ বিভিন্ন ভিতৰুৱা গাঁও অঞ্চলত একাংশ উঠি অহা যুৱকে সঘনাই আৰক্ষীৰ চকুত ধুলি দি ড্ৰাগছ সৰবৰাহ কৰা পৰিলক্ষিত হৈছে। আজি বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত দেউকুৰা চকৰ পৰা এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। আটকাধীন ড্ৰাগছ সৰবৰাহ কাৰীজন হালধীয়া গাওঁৰ ছফিউৰৰ ল’ৰা আব্বাছ আলী বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি দেউকুৰা চকৰ পৰা খেদি খেদি এইজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় যদিও বলাইপথাৰ গাওঁৰ নুৰ আলম আৰু হালধীয়া গাঁৱৰ ছাদ্দাম হুছেইন পলাই যাবলৈ সক্ষম হয়। আব্বাছ আলীৰ নম্বৰ বিহীন স্কুটিৰ পৰা এটা চাবোনৰ বাকোচৰ পৰা ১০.৭৮ গ্ৰাম ড্ৰাগছ জব্দ কৰে। আব্বাছ আলীৰ নম্বৰ বিহীন স্কুটি, AS 15T 6807 নম্বৰৰ য়ামাহা এফ জেড আৰু দুখন মোবাইল ফোন জব্দ কৰে। ইফালে ৰাইজে ড্ৰাগছে যুৱ প্ৰজন্মক ধ্বংস কৰি পেলাইছে বুলি জানিবলৈ দিয়াৰ লগতে ড্ৰাগছ ব্যৱসায়ী সকলক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমুলক শাস্তি প্ৰদান কৰিবলৈ দাবী জনায় আৰু কলগাছিয়া আৰক্ষীয়ে লোৱা এনে পদক্ষেপক বৃহত্তৰ কলগাছিয়া অঞ্চলৰ সৰ্বস্তৰৰ জনসাধাৰণে আদৰণি জনায়।

প্ৰেৰক মফিদুল ইছলাম

You might also like