নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী ষ্টেচনত জব্দ বাৰ্মিজ চুপাৰি

বিশেষ বাৰ্তা, ২৩ ছেপ্টেম্বৰঃ আজি গুৱাহাটী ষ্টেচনত পুনৰ বাৰ্মিজ চুপাৰি জব্দ কৰা হয়। পল্টন বজাৰ ৰেল আৰক্ষীয়ে জব্দ কৰে প্ৰায় ৩২ বেগ বাৰ্মিজ চুপাৰি। চুপাৰিৰ প্ৰতিটো বেগত আছিল ৮০ কেজিকৈ চুপাৰি। সেই অনুসৰি ৩২টা বেগত আছিল মুঠ ২,৫৬০ কেজি চুপাৰি আছিল। শৰাইঘাট এক্সপ্ৰেছযোগে চুপাৰিখিনি লৈ যোৱাৰ চেষ্টা চলাইছিল কোনো লোকে। গুৱাহাটী ষ্টেচনত ২১৬৯৬৭C নম্বৰৰ দবাত উঠাই থাকোঁতেই আৰক্ষীয়ে জব্দ কৰে চুপাৰিখিনি। জব্দকৃত চুপাৰিখিনি ক’ত নিবলৈ চেষ্টা চলাইছিল বৰ্তমানেও জানিব পৰা নাই আৰক্ষীয়ে। আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে তদন্ত। বৰ্তমান গুৱাহাটী ষ্টেচন ভৰি পৰিছে হাজাৰ হাজাৰ বেগ চুপাৰিৰে।

You might also like