নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বনাথ ঘাট দেশৰ শ্রেষ্ঠ পর্যটন গাঁও

বিশেষ বার্তা, ২২ ছেপ্টেম্বৰঃ ‘হিষ্ট্রী ৰিপিটছ ইটছেল্ফ’– এই ইংৰাজী বাক্যশাৰীৰ যেন যথার্থতা প্রতিফলিত হ’ল অসমমুলুকৰ বিশ্বনাথঘাটৰ ক্ষেত্রত৷ কার্যতঃ পুৰণি ৰজাঘৰৰ আদৰ–সম্ভ্রম আদায় কৰা বিশ্বনাথঘাটে দেশৰ শ্রেষ্ঠ পর্যটন গাঁৱৰ স্বীকৃতি লাভ কৰিছে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ এটা মাত্র টুইটৰ পিছতে সলনি হৈছে বুৰঞ্জীপ্রসিদ্ধ বিশ্বনাথঘাটৰ পৰিৱেশ৷ প্রাচীন কালৰ শালস্তম্ভ বংশ, পাল বংশ, মধ্যযুগীয় আহোম ৰাজবংশ আৰু আধুনিক যুগত ব্রিটিছৰ সমান্তৰালভাৱে এইবাৰ স্বৰাজোত্তৰ কালত প্রথমবাৰৰ বাবে ভাৰত চৰকাৰৰো দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে গুপ্তকাশীখ্যাত বিশ্বনাথঘাটে৷ বিশ্বনাথঘাটলৈ ৰাষ্ট্রীয় স্বীকৃতিৰ পিছতে এতিয়া সমগ্র অঞ্চলটোত বিৰাজ কৰিছে আনন্দ–উল্লাস৷ ব্রিটিছ বিষয়া মেজৰ জেনকিনছৰ তথ্য অনুসৰি প্রায় ২৭খন দেৱালয়ৰে সমৃদ্ধ বিশ্বনাথ প্রকৃততে গুপ্তকাশী নামেৰেও জনাজাত৷ ব্রহ্মপুত্র আৰু বুঢ়ীগাং নদীৰ সংগমস্থলীত বিশ্বনাথঘাট অৱস্থিত৷ ৩১খন ৰাজ্য–কেন্দ্রীয়শাসিত অঞ্চলৰ ৭৯১খন আবেদনৰ ভিতৰত কেন্দ্রীয় পর্যটন মন্ত্রালয়ে শ্রেষ্ঠ হিচাপে অতিক্রমি বিশ্বনাথঘাটক শ্রেষ্ঠ হিচাপে নির্বাচিত কৰাৰ লগে লগে যেন অঞ্চলটোৱে প্রাচীন কালৰ পৰা লাভ কৰা ৰজাঘৰীয়া স্বীকৃতিৰ যেন পুনৰাবৃত্তি ঘটিল৷ আজি বিশ্বনাথঘাটক ৰাষ্ট্রীয় পর্যায়ত এনেদৰে অতুল্য গ্রাম ৰূপে স্বীকৃতি প্রদানত আগভাগ লোৱা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক মুকলিকৈয়ে প্রশংসাৰে ওপচায় পেলাইছে স্থানীয় ৰাইজে৷ তাৎপর্যপূর্ণ যে পুৰণি কালৰ লগতে মধ্যযুগত আহোম স্বর্গদেউ প্রতাপ সিংহৰ পৃষ্ঠপোষকতাৰে ধন্য হোৱা বিশ্বনাথঘাট তথা বিশ্বনাথ মন্দিৰ মোমাই তামুলী বৰবৰুৱাৰ দ্বাৰা ১৬২১ চনত নির্মাণ কৰা বুলি ইতিহাসত ডল্লেখ আছে৷ একেদৰে স্বর্গদেউ জয়ধ্বজ সিংহ, চক্রধ্বজ সিংহ ,গদাধৰ সিংহ, ৰুদ্রসিংহ, শিৱ সিংহ, ৰাজেশ্বৰ সিংহ, লক্ষ্মী সিংহ আদিৰ বদান্যতাৰে বিশ্বনাথঘাটৰ বিশ্বনাথ মন্দিৰ সমৃদ্ধ হোৱাৰ লগতে স্বর্গদেউ ৰুদ্র সিংহই বিশ্বনাথক দ্বিতীয় ৰাজদৰবাৰৰ স্বীকৃতি দিছিল৷ তদুপৰি ব্রিটিছে অসম দখল কৰাৰ পিছত বিশ্বনাথঘাট প্রশাসনিক আৰু সামৰিক ঘাটি হৈ পৰিছিল৷ বিশ্বনাথত আজিও আছে হংৰাজ চাহাবৰ বাংলা৷ একেদৰে নৌ পৰিবহণৰ বাবে বিশ্বনাথ একালৰ গুৰুত্বপূর্ণ জাহাজঘাট৷ স্বর্গদেউ পুৰন্দৰ সিংহৰে হোৱা চুক্তি অনুসৰি দ্বিখণ্ডিত আহোম ৰাজ্যৰ ব্রিটিছৰ অংশটোৰ পশ্চিম দিশটোৰ একেবাৰে প্রথম অংশটোৱেই হৈছে বিশ্বনাথঘাট৷ আধুনিক যুগতো ৰূপান্তৰৰ লগত খোজ দিয়া বিশ্বনাথঘাট চৰকাৰী ৰাজহ নথিত সম্ভৱতঃ আটাহতকৈ পুৰণি নগৰ৷ নাটক, শংকৰী সংস্কৃতি, গোসাঁই ফুৰোৱা উৎসৱ, প্রকৃতিৰ নৈসর্গিক শোভা, ব্রহ্মপুত্রৰ শিহুৰ জলকেলি, প্রকাণ্ড বৰলা শিলা আদিৰ বিশ্বনাথঘাটে আজিৰে পৰা দেশৰ পর্যটন মানচিত্রত স্থান লাভ কৰাটো সাধাৰণ কথা নহয়৷ কিয়নো এহ স্বীকৃতিয়ে সলনি কৰিব পাৰে অঞ্চলটোৰ অর্থনীতি৷ নদী পর্যটন, ধর্মীয় পর্যটন, আৰু কাষৰীয়া কাজিৰঙা ৰাষ্ট্রীয় উদ্যান দর্শন আদিৰে একপ্রকাৰ পর্যটনৰ সম্ভাৱনাৰ নতুন দুৱাৰ ডন্মোচন কৰিছে আজিৰ ঘোষণাই৷ সম্প্রতি ৰাজ্য চৰকাৰৰ উদ্যোগত ৰোপৱে’ নির্মাণৰ প্রস্তুতি চলি আছে৷ এনে অৱস্থাত এই ঘোষণা নিঃসন্দেহে আশাজনক আৰু যোগ্য স্থানলৈ যোগ্য স্বীকৃতি বুলি বিবেচিত হ’ব৷ বিশ্বনাথৰ বিধায়ক প্রমোদ বৰঠাকুৰে মুখ্যমন্ত্রী ড০ শর্মা আৰু পর্যটন বিভাগৰ বিষয়ববীয়াক ধন্যবাদ জ্ঞাপন কৰিছে৷ উল্লেখ্য যে বিশ্বনাথৰ ইতিহাস সন্দর্ভত প্রণালীবদ্ধ গৱেষণা অব্যাহত ৰাখি ইতিহাসবিদ ড০ নিত্যানন্দ গগৈয়ে এই ঘাটৰ ঐতিহাসিক গুৰুত্ব পুথি আকাৰে প্রকাশ কৰি আহিছে৷ ইফালে বিশ্বনাথঘাটক শ্রেষ্ঠ পর্যটন গাঁৱৰ স্বীকৃতি দিয়াৰ বিষয়ে সদৰী কৰি মুখ্যমন্ত্রী ড০ শর্মাই টুইটটোত এইদৰে উল্লেখ কৰিছিল– ‘জনাবলৈ পাই সুখী হৈছোঁ যে বিশ্বনাথঘাটক পর্যটন মন্ত্রালয়ে ২০২৩ চনৰ শ্রেষ্ঠ পর্যটন গাঁও হিচাপে নির্বাচিত কৰিছে৷ ৩১ ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলৰ ৭৯১খন আবেদনৰ মাজৰ পৰা বিশ্বনাথঘাটক নির্বাচন কৰাটোৱে গ্রাম্য পর্যটনক প্রসাৰিত কৰাৰ ক্ষেত্রত অসম চৰকাৰে লোৱা বৃহৎ প্রচেষ্টাকে প্রতিফলিত কৰিছে৷’

You might also like