নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজেশ-বিকাশ-নবাব-কলীয়াৰ নেতৃত্বত শিৱসাগৰত গুটখাৰ চোৰাং বেহা

নিয়মীয়া বাৰ্তা, ২৩ ছেপ্টেম্বৰঃ উঠি অহা নতুন প্ৰজন্মটোক কলিতে নিঃশেষ কৰাৰ লক্ষৰে সমগ্ৰ শিৱসাগৰ আৰু চৰাইদেউ জিলাত মাৰাত্মক গুটখাৰ ৰমৰমীয়া বেহা চলোৱাৰ অভিযোগ উত্থাপন হৈছে নাজিৰা মহকুমাৰ তিনিটাকৈ কুখ্যাত গুটখা ব্যৱসায়ীৰ বিৰুদ্ধে৷ নাজিৰা মহকুমাৰ তদানীন্তন বিতৰ্কিত জেলফেৰৎ আৰক্ষী বিষয়াক মাহেকত দুই লাখ টকাৰ প্ৰটেকচন মানিৰে এই ভয়ংকৰ চোৰাং বেহা চলোৱাৰ অভিযোগ উত্থাপন হৈছে ৰাজেশ-বিকাশ-নবাব নামৰ তিনিটা কুখ্যাত ব্যৱসায়ীৰ বিৰুদ্ধে৷ বিগত ডেৰটা বছৰত বিতৰ্কিত মহিলা মহকুমা আৰক্ষী বিষয়াৰ আশীৰ্বাদ শিৰত লৈ ওভোতগোৰে নচা এই ধূৰন্ধৰ ব্যৱসায়ীকেইটা সম্প্ৰতি শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ অঘোষিত গুটখাৰ সম্ৰাট হিচাবে পৰিগণিত হৈছে ৷ আন নালাগে এই তিনি কূখ্যাত সম্ৰাটৰ নেতৃত্বত শিৱসাগৰৰ ষ্টেচন ছাৰিআলিৰ কলীয়া আলি নামৰ আন এটা ব্যৱসায়ীয়ে জিলাখনৰ চহৰে-নগৰে-গাঁৱে-চুবুৰীয়ে এই বেহা নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱাৰ অভিযোগে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷এটা বিশেষ জাতীয় সংগঠনৰ এগৰাকী গণ ভিত্তি নথকা পাবত গজা নেতাক সাৰথি কৰি সম্প্ৰতি শিৱসাগৰ – চৰাইদেউ জিলাত ৰঘু মলাৰ দৰে প্ৰচলন বৃদ্ধি কৰিবলৈ সক্ষম হোৱা এই মাৰাত্মক গুটখাৰ বেহা নতুন প্ৰজন্মৰ যুৱক- যুৱতী সকলৰ বাবে অন্যতম বৃহত ভাবুকি হিচাবে পৰিগণিত হৈছে ৷কোনো ধৰণৰ বৈধ নথি পত্ৰ নোহোৱাকৈ সম্পুৰ্ণ চোৰাং ভাৱে চলাই অহা এই মাৰাত্মক বেহাৰ ফলত ৰাজ্য চৰকাৰে কোটি কোটি টকাৰ ৰাজহ হেৰুৱাৰ লগতে নতুন প্ৰজন্মটোৱে হেৰুৱাইছে সোণালী শৈশৱ-সুস্বাস্থ্য ৷বিশেষকৈ দুয়োখন জিলাৰ বৃহতসংখ্যক কম বয়সীয়া যুৱক এই গুটখাৰ গ্ৰাহত পৰি মুখৰ কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ ঘটনাই সচেতন মহলক বাৰুকৈয়ে উদ্দিগ্ন কৰি তুলিছে ৷শেহতীয়া বহু কেইটা স্বাস্থ্য সম্পৰ্কীয় সমীক্ষা আৰু বহু কেইগৰাকী বিশিষ্ট চিকিৎসকে গুটখা স্বাস্থ্যৰ পক্ষে ভাবুকি বুলি প্ৰকাশ্যে প্ৰকাশ কৰি অহাৰ পিছতো চৰকাৰ-প্ৰশাসনৰ চকুৰ সন্মুখতেই মানৱ দেহৰ বাবে অত্যন্ত ক্ষতিকাৰক মাৰাত্মক গুটখা ৰাজেশ-বিকাশ-নবাবৰ লগতে শিৱসাগৰ চহৰৰ ষ্টেচন ছাৰিআলিৰ কলিয়াই কি দৰে নিৰ্বিবাদে চলাই নিবলৈ সক্ষম হৈছে তাক লৈ বহু প্ৰশ্নৰ সৃষ্টি হৈছে ৷ উল্লেখ্য যে শিৱসাগৰৰ ষ্টেচন ছাৰিআলি বি জি ৰোড, নাজিৰাৰ ডেইলী বজাৰৰ পিছফাল, নাজিৰাৰ লখিমী আলি আৰু নাজিৰাৰৰ ন-মাটিত ৰাজেশ- বিকাশ-নবাব আৰু কলিয়াই প্ৰতিদিনাই গুৱাহাটীৰ পৰা ৰেল অথবা পঞ্জাৱ বডীৰ ট্ৰাকত আনে এই গুটখাৰ পেকেট সমুহ ৷ প্ৰতিদিনেই ত্ৰিশৰ পৰা পইত্ৰিশ লাাখ টকাৰ গুটখা গুৱাহাটীৰ পৰা শিৱসাগৰলৈ অনা চক্ৰটোৱে একাধিক স্থানত থকা গোদামত মজুদ ৰাখে গুটখা সমুহ ৷নাজিৰা মহকুমাৰ তদানিন্তন আৰক্ষী বিষয়া গৰাকীৰ সৈতে বুজা বুজি কৰি নাজিৰা টাউনৰ ভিতৰতেই স্থাপন কৰা গোদামৰ পৰা প্ৰতিদিনেই পুঁৱাৰ পৰা নিশা লৈকে মেজিক জাতীয় বাহন সমুহত পাইকাৰী এজেন্টলৈ প্ৰেৰণ কৰা হয় গুটখাৰ বস্তা সমুহ ৷ইফালে গুৱাহাটীৰ পৰা অনুৰূপ ধৰণে আনি নিজৰ গোদামত জমা কৰি পৰৱৰ্তী সময়ত সৰু গাড়ীৰে বিভিন্ন স্থানলৈ সৰৱৰাহ কৰা কলিয়া নামৰ চোৰাং ব্যৱসায়ীটোৱে চহৰৰ মাজমজিয়াত থাকি কেনেদৰে এই মাৰাত্মক বেহা চলাই নিবলৈ সক্ষম হৈছে সেইয়াহে এই মুহূত্বত লাখটকীয়া প্ৰশ্ন হিচাবে বিবেচিত হৈছে ৷আনহাতে শিৱসাগৰত অবাধ গতিত বৃদ্ধি পোৱা ড্ৰাগছ আসক্ত যুৱক সকলৰ বাবে এনে গুটখা হৈ পৰিছে বিকল্প নিচা ৷ড্ৰাগছ সেৱনৰ পিছতেই মুখত শিখৰৰ দৰে গুটখা চোবালেহে ড্ৰাগছৰ প্ৰকৃত আমেজ লাভ কৰা হয় বুলি বিভিন্ন সময়ত আটকাধীন ড্ৰাগছ আসক্তই প্ৰদাণ কৰা স্বীকাৰোক্তিয়ে বিশেষ তাৎপৰ্য্য বহণ কৰিছে ৷ স্মৰ্তব্য যে, স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক হিচাবে বিবেচিত গুটখা সঘন ব্যৱহাৰৰ ফলত ব্যাপক ৰূপত মুখ আৰু পাকস্থলীত কৰ্কট ৰোগৰ প্ৰাদূভাৱ হোৱাৰো একাধিক অভিযোগ উত্থাপন হৈছে ৷ কিন্তু ইমানৰ পিছতো নাজিৰা আৰু শিৱসাগৰত ৰাজেশ-বিকাশ-নবাব-কলিয়াৰ দৰে ব্যৱসায়ীয়ে এই মাৰাত্মক বেহা আৰক্ষীৰ চকুৰ সন্মুখতেই চলাই থকাৰ ঘটনাই গভীৰ ৰহস্যৰো সৃষ্টি কৰিছে ৷ বিশেষকৈ এই মাৰাত্মক বেহাৰ লগত জাতীয় সংগঠনৰ নেতাৰ নাম সাঙুৰ খোৱা তথা সততে সৰৱ হৈ উঠা জাতীয় সংগঠন সমুহে ৰাজেশ-বিকাশ-কলীয়া-নবাবৰ বিৰুদ্ধে টু শব্দ এটাও উচ্চাৰণ নকৰাৰ ঘটনাইয়ো বিশেষ তাৎপৰ্য্য বহন কৰিছে ৷সচেতন মহলে ৰাজেশ-কলিয়া-বিকাশ-নবাবৰ কোটিটকীয়া বেহাৰ অবাধ দৌৰাত্ম্যৰ ফলত এই বেহাই শিক্ষানুস্থানসমুহৰ চৌপাশ আৱৰি ধৰাৰ ভয়ংকৰ অশনি সংকেটৰ বিৰুদ্ধে জিলা আয়ুক্তগৰাকীক কঠোৰতকৈও কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনাইছে ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like