নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিচিচিআইৰ অফিচিয়েল পাৰ্টনাৰ এছবিআই লাইফ

বিশেষ বাৰ্তা, ২৩ ছেপ্টেম্বৰঃ অহা ৩ বছৰৰ বাবে বি চি চি আইৰ অফিচিয়েল পাৰ্টনাৰ হ’ব এছ বি আই লাইফ। বিচিচিআইয়ে এছবিআই লাইফক ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় মেচৰ বাবে নিজৰ অফিচিয়েল অংশীদাৰ হিচাপে গঢ়ি তুলিছে। ভাৰতীয় দলৰ এখন খেলৰ বাবে বিচিচিআইক দিব ৮৫ লাখ টকা। একে সময়তে বিচিচিআইৰ টাইটেল পাৰ্টনাৰ হৈছে আইডিএফচি ফাৰ্ষ্ট বেংক। আইডিএফচি ফাৰ্ষ্ট বেংকে প্ৰতিখন মেচত বিচিচিআইক প্ৰদান কৰে ৪.২ কোটি টকা। বিচিচিআইৰ সম্পাদক জয় শ্বাহে কয় যে আমি এছ বি আই লাইফক আমাৰ চৰকাৰী অংশীদাৰ হিচাপে গঢ়ি তোলাৰ কথা ঘোষণা কৰি অতি আনন্দিত হৈছো। আন্তঃৰাষ্ট্ৰীয় মেচৰ উপৰি ঘৰুৱা মেচত এছ বি আই লাইফ আমাৰ অফিচিয়েল পাৰ্টনাৰ হ’ব। ইয়াৰ উপৰি বিচিচিআইৰ সভাপতি ৰজাৰ বিনিয়ে তেওঁৰ মতামত দাঙি ধৰে। ৰজাৰ বিনিয়ে কয় যে এছ বি আইৰ অফিচিয়েল পাৰ্টনাৰ হোৱাটো এক ডাঙৰ অভিজ্ঞতা। এই কথা ঘোষণা কৰি আমাৰ ভাল লাগিছে। এছ বি আই লাইফ ভাৰতৰ অন্যতম বৃহৎ বীমা কোম্পানী। প্ৰতিখন মেচত ৮৫ লাখ টকা দিয়াৰ চুক্তিত স্বাক্ষৰ কৰিছে এছ বি আই লাইফে। অৱশ্যে প্ৰাৰম্ভিক ভিত্তি মূল্য আছিল প্ৰতিখন মেচত ৭৫ লাখ টকা। কিন্তু বিচিচিআইয়ে প্ৰতিখন মেচত লাভ কৰিব ৮৫ লাখ টকা। ভাৰত-অষ্ট্ৰেলিয়াৰ প্ৰথমখন এদিনীয়া খেলৰ পৰাই আৰম্ভ হৈছে বিচিচিআই আৰু এছবিআইৰ চুক্তি। ভাৰত আৰু অষ্ট্ৰেলিয়াৰ ৩ এদিনীয়া শৃংখলাৰ প্ৰথমখন খেল মোহালীত অনুষ্ঠিত হয়। এছ বি আই লাইফৰ সৈতে হোৱা এই তিনি বছৰীয়া চুক্তিত ৫৬খন মেচ সামৰি লোৱা হ’ব। ইয়াৰ উপৰি আইচিচি প্ৰতিযোগিতাত বিচিচিআইৰ অফিচিয়েল পাৰ্টনাৰ হ’ব এছবিআই লাইফ।

You might also like