নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জব্দকৃত গৰুসহ সৰবৰাহকাৰীক নিশাই মুকলিক লৈ শিৱসাগৰত ৰহস্য

নিয়মীয়া বাৰ্তা, ২৩ ছেপ্টেম্বৰঃ বজৰং দলৰ সদস্যই নিশা গোপনে সৰৱৰাহ কৰা অৱস্থাত ১৯টা গৰুসহ দুখন বলেৰ পিকআপ আৰু পাঁচটাকৈ সৰৱৰাহকাৰীক আটক কৰি আৰক্ষীক গতাই দিয়াৰ পিছতো সদৰ আৰক্ষীয়ে যোৱা নিশা জব্দকৃত গাড়ীসহ ১৯টা গৰু তথা পাঁচটাকৈ সৰবৰাহকাৰীক অতি ৰহস্যজনকভাৱে মুকলি কৰি দিয়াৰ ঘটনাই শিৱসাগৰত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ যি সময়ত গো-সুৰক্ষা আইনক কঠোৰ ভাৱে বলবৎ কৰাৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কঠোৰ নিৰ্দেশ দিছে সেই সময়তে বজৰং দলে গৰু কঢ়িয়াই অনা গাড়ীৰ লগতে সৰৱৰাহকাৰীক আৰক্ষীক গতাই দিয়াৰ পিছতো আৰক্ষীয়ে মুকলি কৰি দিয়াক লৈয়েই সৃষ্টি হৈছে এই চাঞ্চল্যৰ ৷ আন নালাগে গৰু লগত থকা ৰছিদত স্পষ্টকৈ শিৱসাগৰ নগৰ মহল মৌজাৰ চামগুৰিলৈ সেই গৰু বিক্ৰি কৰা তথা নিয়া হব বুলি উল্লেখ থকাৰ পিছতো শিৱসাগৰ আৰক্ষীয়ে চোৰাং সৰৱৰাহকাৰীৰ হাততেই পুনৰ জব্দকৃৰ্ত গৰু সহ গাড়ী তুলি দি নগাঁৱৰ চামগুৰিলৈ প্ৰেৰণ কৰাৰ ঘটনাই আন এক চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ বিশেষকৈ গো- সুৰক্ষা আইনত আন জিলালৈ গাড়ীত তুলি গৰু সৰৱৰাহত নিষেধাজ্ঞা আৰোপ থকাৰ পিছতো নথি বিসংগতি ইত্যাদি একাধিক অনিয়ম পোহৰলৈ অহাৰ পিছতো কিদৰে জব্দকৃৰ্ত ১৯টা গৰু জব্দকৃৰ্ত বাহনত তুলি নগাও জিলালৈ নিয়াৰ অনুমতি আৰক্ষীয়ে প্ৰদান কৰিলে সেইয়াহে এই মূহুৰ্তত লাখটকীয়া প্ৰশ্ন হিচাবে বিবেচিত হৈছে ৷সচেতন মহলে একেখন আইনৰ অধীনত একাংশ জেললৈ যোৱাৰ বিপৰীতে আন একাংশই বীৰদৰ্পে থানাৰ পৰাই জব্দকৃৰ্ত গৰু বাহন সহিতে উলিয়াই নিয়াৰ ঘটনাই ৰাইজৰ চকু কপালত তোলাৰ আইন সকলোৰে বাবে সমান হয় নে নহয় তাক লৈও বহু প্ৰশ্ন উত্থাপন কৰিছে ৷ইফালে শিৱসাগৰৰ চাঞ্চল্যৰ গৰু জব্দৰ ঘটনাই সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি থকাৰ সময়তেই এইবাৰ উজনিৰ গৰুৰ চোৰাং সাম্ৰাজ্যত শিৱসাগৰৰ এটা কুখ্যাত সূদ খোৰে ধন বিনিয়োগ কৰাৰ ঘটনাই নতুন চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷পূৰ্বতে বন কৰা নাবালিকা ধৰ্ষণৰ গোচৰত অভিযুক্ত এই কুখ্যাত ধন কুবেৰ সুদখোৰটোৱে উজনিৰ চোৰাং গৰুৰ সাম্ৰাজ্যত কোটি টকাৰ ধন বিনিয়োগৰ লগতে পাঁচ খনকৈ বলেৰ পিক আপ গাড়ীও ব্যৱহাৰ কৰাৰ বিস্ফোৰক অভিযোগ পোহৰলৈ আহিছে ৷যি ঘটনাই এতিয়া চোৰাং গৰুৰ সাম্ৰাজ্যখন কিমান গভীৰতালৈ শিপাইছে তাকহে কাৰ্য্যত প্ৰমাণ কৰিছে ৷ আনহাতে কুখ্যাত সূদখোৰৰ ধনেৰে বলীয়ান ৰাজমাই, দিচাংমুখ, দিচাং, নিতাই, হালোৱাটিং আদি অঞ্চলৰ ত্ৰিশটাতকৈও অধিক চোৰাং ব্যৱসায়ীয়ে মাজুলি, ধেমাজী, চিলাপথাৰ, লক্ষীমপুৰ, ঢ়কুৱাখনা, গোগামুখৰ পৰা হাজাৰ হাজাৰ গৰু নদী পথেৰে আনি ব্ৰক্ষ্মপুত্ৰ আৰু দিচাঙৰ বালি চাপৰিত গোটাই ৰখাৰ লগতে পানীদিহিং মিলনকুৰৰ দুৰ্গম দিহিং নদীৰ চাপৰিতো কেইবা শতাধিক গৰু চালান দিবৰ বাবে জমা কৰি ৰখাৰ বিস্ফোৰক অভিযোগ পোহৰলৈ আহিছে ৷ দিচাং- ব্ৰহ্মপুত্ৰৰ বালি চাপৰিত গোটাই ৰখা গৰু সমূহ দিচাংমুখ পশু ধন বজাৰৰ ৰেডিমেড ৰছিদেৰে বিশেষ পাঁচ খন বলেৰ পিক আপ গাড়ীৰে প্ৰতিনিশাই নগাওঁলৈ সৰৱৰাহ কৰি আহিছে৷ অনুৰূপ ধৰণে একে গৰাকী সূদখোৰৰ নিয়ন্ত্ৰণত থকা আন কেইখনমান বলেৰ পিক আপ গাড়ীৰে বনীয়াবাৰী হৈ ৰাষ্ট্ৰীয় ঘাই পথেদি দিচাংমুখ পশু ধন বজাৰৰ ৰছিদ লৈ নিয়মিত নগাওঁ-চামগুৰি, মৰিগাঁৱৰ লগতে গুৱাহাটীলৈ সৰৱৰাহ হৈ আহিছে ৷একে সময়তে দৈনিক পুৱাৰ ভাগত এশৰ পৰা দেৰশ গৰু শিৱসাগৰ চহৰৰ মাজেদি আমগুৰি হৈ নগালেণ্ডলৈ সৰৱৰাহ হৈ আহিছে৷ আচৰিত যেন লাগিলেও সত্য যে, চিলাপথাৰ, মাজুলী, ধেমাজীৰ পৰা অহা গৰুৱে ফেৰীৰ পৰা নমাৰ আগতেই দিচাংমুখ পশু বজাৰৰ ৰছিদ সাজু হৈ থাকে ৷ আনহাতে পানীদিহিং মিলনকুৰ অঞ্চলত দিহিং নদীৰ চাপৰিত গোপনে লুকুৱাই ৰখা গৰু সমুহ নিতাই-ডিমৌ হৈ প্ৰতিনিশাই দুশৰ পৰা তিনিশ গৰু মিনিট্ৰাক, পঞ্জাৱ বডীৰ ট্ৰাকত বিনা বাধাই নামনি মধ্য অসমলৈ সৰৱৰাহ হৈ আহিছে ৷ সূদখোৰৰ ধন বিনিয়োগ, গাড়ী বিনিয়োগৰ বিপৰীতে নতুনকৈ এন্ট্ৰি মৰা আন এটা মধ্যভূগীয়ে প্ৰতিটো গৰুৰ বিপৰীতে দুহেজাৰকৈ আৰক্ষী- সংগঠন মেনেজেৰে মধ্যভূগীৰ দায়িত্ব পালন কৰাৰ ঘটনাইয়ো নতুন চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷এক গোপন সূত্ৰই দাবী কৰা অনুসৰি সকলো অংক মিলি থকাৰ বাবেই দৈনিক পঁচিশৰ পৰা ত্ৰিশ খনকৈ গাড়ীৰে গৰু নিৰ্বিবাদে সৰৱৰাহ হৈ থকাৰ পিছতো ধৰা পৰা নাই বুলি বিস্ফোৰক মন্তব্য প্ৰকাশ কৰে ৷ আনহাতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে জব্দকৃত গৰু কঢ়িওৱা গাড়ী নিলাম হব বুলি ঘোষণা কৰাৰ পিছতো শিৱসাগৰ সদৰ থানাৰ চৌহদৰ পৰা ৪খনকৈ জব্দকৃত গাড়ী ৰহস্যজনক ভাৱে সন্ধানহীন হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ আমাৰ হাতত পৰা তথ্য অনুসৰি বিগত বৰ্ষৰ ৭ অক্টোবৰ তাৰিখে ৩৫ টা গৰু সহ মুঠ ৪ খন বলেৰ পিকআপ গাড়ী শিৱসাগৰ সদৰ আৰক্ষী থানাই সৰৱৰাহকাৰীসহ জব্দ কৰিছিল৷ সৰৱৰাহকাৰী কেইটাক জেললৈ প্ৰেৰণৰ বিপৰীতে গৰু সমূহ যোৰহাট গো-শালালৈ প্ৰেৰণ কৰাৰ লগতে এ এচ ০৪ বি চি, ৭০৩০ / এএচ ০৪ বি চি, ৬৪৭৩ /এএচ ০৩ চি চি, ৩২৫৫/ এএচ০৩ চি চি,৩০৪০ নম্বৰৰ হাতেলোটে গৰুৰ সৈতে ধৰা বলেৰ পিকআপ কেইখন আৰক্ষীয়ে জব্দ কৰিছিল৷ কিন্তু আমাৰ হাতত এক নিৰ্ভৰযোগ্য সূত্ৰই জানিবলৈ দিয়া মতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতো নিলাম কৰিবলগীয়া গৰুৰ সৰৱৰাহত ব্যৱহৃত বাহন কেইখন ৰহস্যজনকভাৱে সদৰ থানাৰ চৌহদৰ পৰা সন্ধানহীন হোৱাৰ ঘটনায়ো সকলোকে আচৰিত কৰি তুলিছে ৷ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশক আওকাণ কৰি গো-সুৰক্ষা আইনৰ সুৰক্ষাৰ নামত শিৱসাগৰত চলি অহা চূড়ান্ত ভেকো ভাওনা তথা কঠোৰ আইন খনৰ দফাক দেখ দেখকৈ অপমান কৰাৰ ঘটনাই অদূৰ ভৱিষ্যতে আইনখনৰ অস্তিত্বৰ প্ৰতিও যে ভাবুকিৰ সৃষ্টি হব তাক লৈও তুমুল চৰ্চা আৰম্ভ হৈছে বিজ্ঞ মহলৰ মাজত ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like