বিশেষ বাৰ্তা, ২৪ ছেপ্টেম্বৰঃ দেশজুৰি আৰম্ভ হোৱা ‘মোৰ মাটি মোৰ দেশ’ কাৰ্য্যসূচীৰ অন্তৰ্গত ‘অমৃত কলহ যাত্ৰা’ৰ মৰিয়নিতো ব্যাপক উচাহ দেখা গৈছে। মৰিয়নি সমষ্টিৰ আটাইকেইখন গাঁও পঞ্চায়ত, পৌৰসভা আদিত আৰম্ভ হৈছে অমৃত কলহ যাত্ৰাৰ। এই অমৃত কলহ যাত্ৰাত গাঁওবাসী, নগৰবাসীৰ লগতে চাহ বাগিচাৰ শ্ৰমিক ৰাইজৰ স্বতঃস্ফূৰ্ত অংশগ্ৰহণ পৰিলক্ষিত হৈছে। মৰিয়নি সমষ্টিৰ ১৭খনকৈ গাঁও পঞ্চায়ত আৰু মৰিয়নি পৌৰসভাৰ এলেকাত অমৃত কলহ যাত্ৰাৰ শুভাৰম্ভ হয়। মৰিয়নি সমষ্টিৰ অসম নগালেণ্ড সীমান্তৱৰ্তী ৬৩নং কুশল কোঁৱৰ গাঁও পঞ্চায়তত অমৃত কলহ যাত্ৰা আৰম্ভ হয়। গাঁও পঞ্চায়তখনৰ সভানেত্ৰী নিতুমনি ফুকনৰ নেতৃত্বত নামৰূপীয়া গাঁৱৰ গাঁও প্ৰধান পবিত্ৰ বৰা, লাহিং কানখোৱা গাঁৱৰ গাঁও প্ৰধান মৃদুপৱন গগৈ, জীৱিকা সখী ক্ৰমে গীতাশ্ৰী গগৈ, নিতুমনি বৰুৱা আৰু বাসন্তী গগৈৰ সহযোগত আৰম্ভ কৰা এই যাত্ৰাত প্ৰতিঘৰ গঞাই পূৰ্ণ সঁহাৰি জনোৱাৰ লগতে একাংশই শৰাইত গুৱাপান সহ ভূমি দান কৰে। অসমৰ পৰম্পৰা ৰক্ষা কৰি দান কৰা ভূমি গ্ৰহণ কৰিবলৈ যাঁওতে দলটোত গায়ন বায়নৰ লগতে বিহু, ঝুমইৰ আদি দলে অংশ গ্ৰহণ কৰি এক সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰে। সীমান্তৱৰ্তী জংঘলব্লক হাইস্কুলৰ কৰ্তৃপক্ষয়ো আজি ভূমি দান কৰে। কাৰ্য্যসূচীত প্ৰায় দুই শতাধিক দলে অংশগ্ৰহণ কৰে। ইফালে, মৰিয়নি পৌৰসভাৰ উদ্যোগত মৰিয়নি নগৰতো অমৃত কলহ যাত্ৰা আৰম্ভ কৰা হয়। মৰিয়নি পৌৰসভাৰ পৌৰপতি বিশ্বপ্ৰভা শইকীয়া, উপ-পৌৰপতি প্ৰদীপ দাস, পৌৰ সদস্যা কস্তুৰী আগৰৱালা গগৈ, ৰঞ্জুশ্ৰী দাস, চুমকি মজুমদাৰ দত্ত, গায়ত্ৰী চক্ৰৱৰ্তী আদিয়ে অংশগ্ৰহণ কৰে। এই যাত্ৰাত মৰিয়নি নগৰবাসীয়েও পূৰ্ণ সহাঁৰি জনোৱা দেখা যায় দুয়োটা কাৰ্য্যসূচীতে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ওপৰিও বাঘচোং উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াকে ধৰি চৰকাৰী বিষয়াসকলো উপস্থিত থাকে। উল্লেখ্য যে প্ৰতিখন গাঁও আৰু ৱাৰ্ডৰ প্ৰতিঘৰ মাটি অথবা চাউল অমৃত কলহত সংগ্ৰহ কৰি অহা ২ অক্টোবৰত শোভাযাত্ৰা কৰি পঞ্চায়ত কাৰ্যালয়ত বা পৌৰ কাৰ্যালয়ত উপস্থিত হ’ব। ইয়াৰে একাংশ মাটি পঞ্চায়তৰ উন্নয়ন মূলক কামত ব্যৱহাৰ কৰিবলৈ ৰাখি বাকী অংশ ৮ পৰা ১৫ অক্টোবৰৰ ভিতৰত পঞ্চায়তৰ পৰা জিলা পৰ্যায়লৈ নি তাত এটা অংশ ৰাখি তাৰে পৰা দুটা কলহত মাটি ভৰাই শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিতব্য ৰাজ্যিক পযাৰ্য়ৰ অনুষ্ঠানলৈ প্ৰেৰণ কৰিব অহা ২৫ অক্টোবৰত। ইয়াৰে একাংশ মাটি গহপুৰত হ’ব লগা শ্বহীদ কনকলতা বৰুৱা নামত প্ৰতিষ্ঠা কৰিবলগীয়া বিশ্ববিদ্যালয়ত ব্যৱহাৰ কৰি বাকী ২৭০ টা কলহ ২৮ অক্টোৱৰত দিল্লীলৈ নি তাত নিৰ্মান হব লগা অমৃত বাটিকাত মাটিখিনি ব্যৱহাৰ কৰিব।
প্ৰেৰক দিব্যজ্যোতি শইকীয়া