নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৃষ্ণাইৰ চানাপথাৰত বন্যহস্তীৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ২৪ ছেপ্টেম্বৰঃ গোৱালপাৰাৰ কৃষ্ণাই মধ্য বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বৰঝাৰ-কালপানীৰ চানাপথাৰৰ খেতি পথাৰত এটা প্ৰকাণ্ড বন্যহস্তীৰ মৃত্যু ৷ আজি পুৱা স্থানীয় লোকে মৃত হাতীটো প্ৰত্যক্ষ কৰি বন বিভাগক খবৰ দিয়ে। ঘটনাৰ খবৰ পাই বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈছে প্ৰাথমিক তদন্ত কৰে। মৃত হাতীটোৰ শৰীৰত কোনো ধৰণৰ আঘাতৰ চিন লাভ কৰা নাই ৷ উল্লেখ্য যে আজি কেইবাদিন ধৰি শালপাৰা-দ্বাৰাপাৰা, কালপানী, ডাবেলি অঞ্চলত এজাক বন্যহস্তীয়ে খাদ্যৰ সন্ধানত গাওঁ অঞ্চলত প্ৰৱেশ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে ৷ খেতিপথাৰ গচকি বিনষ্ট কৰি আহিছে ৷ হাতীটোৰ কেনেদৰে মৃত্যু ঘটিল সেই সম্পৰ্কে এতিয়ালৈকে জানিব পৰা হোৱা নাই যদিও উক্ত জাকৰ পৰা কাজিয়া লাগি স্বাভাৱিক মৃত্যু হোৱাৰ সন্দেহ কৰিছে বন বিভাগৰ লোকে। মতা মৃত হাতীটোৰ বয়স দহ বছৰ মান হব বুলি বনকৰ্মীয়ে জানিবলৈ দিয়ে। অৱশ্যে মৰণোত্তৰ পৰীক্ষাৰ পিছতহে প্ৰকৃত কাৰণ জানিব পৰা যাব কেনেদৰে মৃত্যু ঘটিল বন্যহস্তীটোৰ ৷

প্ৰেৰক বেনজিন বড়ো

You might also like