নিয়মীয়া বাৰ্তা, ২৬ ছেপ্টেম্বৰঃ বজালীৰ সদৰ পাঠশালাৰ ৰূপনগৰত মাহ-প্ৰসাদত বিষক্ৰিয়া হৈ ৪০গৰাকীকৈ ব্যক্তি আক্ৰান্ত হোৱাৰ খবৰ লাভ কৰা গৈছে৷ জানিব পৰা অনুসৰি যোৱা শনিবাৰে ৰূপনগৰৰ পাঠশালা ৰেলৱে ষ্টেচনৰ সমীপৰ চুবুৰীটোত থকা ৰাধাকৃষ্ণ মন্দিৰৰ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে মাহ-প্ৰসাদ বিতৰণ কৰা হয়৷ এই বুত-মাহৰ প্ৰসাদ খাই সেইদিনা নিশাৰ পৰাই চুবুৰীটোৰ অধিকাংশ ব্যক্তি পেটৰ বিষ, বমি, সঘনাই শৌচ কৰা আদি বিভিন্ন ৰোগত আক্ৰান্ত হৈ পৰে৷ প্ৰথম অৱস্থাত বিষয়টোত কোনেও বিশেষ গুৰুত্ব আৰোপ কৰা হোৱা নাছিল যদিও, দেওঁবাৰ আৰু সোমবাৰৰ ভিতৰত তেওঁলোকৰ অৱস্থাৰ অৱনতি ঘটাত বিষক্ৰিয়াত আক্ৰান্ত হোৱা প্ৰায় ৪০ গৰাকী ব্যক্তিক পাঠশালাৰ শ্বহীদ মদন ৰাউতা অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰা হয় আৰু আজিও আক্ৰান্ত সকলক চিকিৎসা প্ৰদান কৰি থকা হৈছে৷ আনহাতে এই মাহ-প্ৰসাদ খাই কম-বেছি পৰিমানে শতাধিক লোক আক্ৰান্ত হোৱাৰো খবৰ পোৱা গৈছে৷ ইতিমধ্যে নিজ নিজ গৃহতো চিকিৎসাধীন হৈ আছে কেবাগৰাকীও ব্যক্তি৷ পাঠশালাৰ অসামৰিক চিকিসালয়ৰ সুত্ৰৰ পৰা জানিব পৰা মতে আজি ২৫ গৰাকীক ব্যক্তিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে৷ এই লোক সকলৰ ভিতৰত এগৰাকী প্ৰসুতি আৰু শিশুও আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে৷ আনহাতে মন্দিৰৰ প্ৰতিষ্ঠা দিৱসৰ বাবে ক’ৰ পৰা এই বুত-মাহ ক্ৰয় কৰা হৈছিল সেই বিষয়ে সঠিকভাবে জানিব জানিব পৰা হোৱা নাই যদিও পাঠশালাৰ দৈনিক বজাৰত অৱস্থিত এখন দোকানৰ পৰা উক্ত সামগ্ৰীসমূহ ক্ৰয় কৰা হৈছিল বুলি গাওঁৰ একাংশ লোকে জানিবলৈ দিছে৷ আনহাতে এই ঘটনাত জড়িত ব্যক্তিক বিচাৰি উচিত শাস্তি প্ৰদান কৰিবলৈ ৰাইজে প্ৰশাসনক আহ্বান জনাইছে৷ এই সমগ্ৰ বিষয়টোত তদন্তৰ দাবী জনাইছে পাঠশালা পৌৰসভাৰ অন্তৰ্গত দুই নম্বৰ ৱাৰ্ডৰ ৰূপনগৰবাসী ৰাইজে৷
প্ৰেৰক কল্যাণ কলিতা