নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কানাডাত বিচ্ছিন্নতাবাদীয়ে গঢ়িছে অপৰাধ সাম্রাজ্য

🔹 ৰাষ্ট্রসংঘৰ মজিয়াত ক্ষুৰধাৰ এছ জয়শংকৰ

বিশেষ বাৰ্তা, ২৮ ছেপ্টেম্বৰ : বিশ্বৰ সর্বোচ্চ সংস্থা ৰাষ্ট্রসংঘৰ মজিয়াত এইবাৰ কানাডাৰ বিৰুদ্ধে ক্ষুৰধাৰ সমালোচনা আগবঢ়োৱা দেখা গ’ল ভাৰতৰ বিদেশমন্ত্রী এছ জয়শংকৰক৷ জয়শংকৰে উল্লেখ কৰে যে কানাডাত বিগত কেইবাবছৰ ধৰি বিচ্ছিন্নতাবাদী শক্তিৰ সাহায্যত অপৰাধ বৃদ্ধি পাইছে৷ এই সমস্ত অপৰাধ বন্ধ কৰিবলৈ ভাৰত চৰকাৰে বহু তথ্য দি কানাডাক সহায় কৰা বুলিও দাবী কৰে জয়শংকৰে৷ ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্র ৰচা দুষ্কৃতিকাৰীক প্রত্যর্পণ কৰিব লাগে বুলিও ভাৰতে দাবী জনাই আহিছে৷ উল্লেখনীয় যে শেহতীয়াকৈ খালিস্তানী নেতা হৰদীপ সিং নিজ্জৰৰ হত্যাকাণ্ডত ভাৰত জড়িত থকা বুলি কানাডাৰ প্রধানমন্ত্রী জাষ্টিন ট্রুডিউৱে কৰা মন্তব্যক লৈ দুয়োখন দেশৰ মাজত কূটনৈতিক সম্পর্কৰ চৰম অৱনতি ঘটিছে৷ আনকি দুয়োখন দেশে কূটনীতিকক বিতাড়নো কৰিছে৷ ইয়াৰ মাজতে ৰাষ্ট্রসংঘৰ মজিয়াত জয়শংকৰৰ মন্তব্যই কঢ়িয়াইছে তাৎপর্য৷

You might also like