নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঘিলামৰাৰ দধিঙত খহনীয়াত জাহ গ’ল গড়কাপ্টানী পথ

বিশেষ বাৰ্তা, ২৮ ছেপ্টেম্বৰ : ঢকুৱাখনা বিধানসভা সমষ্টিৰ ঘিলামৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত বিলমুখ গাঁও পঞ্চায়তৰ ৭নং ৱাৰ্ড দধিঙত দধিং জানৰ খহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰিছে। চলিত বৰ্ষত হৈ থকা দধিং জানৰ খহনীয়াত ইতিমধ্যে চাপৰা চাৰিআলিৰ পৰা দধিং হৈ কোঁৱৰবাৰীক সংযোগ ঘটোৱা গড়কাপ্টানী পথটোৰ দুটাকৈ স্থানত খহাই বিচ্ছিন্ন কৰি পেলালে। স্থানীয় ৰাইজে ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলে, ঘিলামৰাৰ খণ্ড উন্নয়ন বিষয়া আৰু বিলমুখ পঞ্চায়তৰ জনপ্ৰতিনিধি এই সকলোকে পথটোৰ খহনীয়াৰ কথা অৱগত কৰাৰ পিছতো কোনো কাণসাৰ নিদিয়াত ৰাইজে নিজৰ গাঁঠিৰ ধন ভাঙি খহনীয়া ৰোধৰ বাবে বাঁহৰ জেং পুতি আৰু বাঁহৰ বেৰা দিব লগা হয়। কিন্তু দধিং জানৰ খহনীয়াই সেই সকলোবোৰ খহাই নি গড়কাপ্টানী পথটো বিধ্বস্ত কৰি পেলালে। পথটোৰে যাতায়াত সম্পূৰ্ণ বিচ্ছিন্ন হৈ পৰাত স্থানীয় ৰাইজে স্কুলীয়া শিক্ষাৰ্থীৰ আহ-যাহৰ বাবে প্ৰায় ৩০ মিটাৰ দৈৰ্ঘ্যৰ এখন বাঁহৰ দলং নিৰ্মাণ কৰি লৈছিল। বিলমুখ পঞ্চায়তৰ জনপ্ৰতিনিধিক দলংখ‌ন মুকলি কৰিবলৈ নিমন্ত্ৰণ জনাইছিল ৰাইজে। কিন্তু দলং মুকলি অনুষ্ঠানলৈতো পঞ্চায়ত প্ৰতিনিধি নাহিলেই, এই পৰ্যন্ত এবাৰো খহনীয়া পৰিদৰ্শন কৰিবলৈ অহা নাই বুলি অভিযোগ কৰে। আজি কেইদিনমান পূৰ্বে ৰাইজে সাজি লোৱা দলংখনৰো এটা মূৰ দধিং জানে খহাই নিয়াত এতিয়া পথটোৰে যাতায়াত সম্পূৰ্ণ বন্ধ হৈ পৰিছে। সৰ্বসাধাৰণ ৰাইজৰ লগতে স্কুল-কলেজলৈ শিক্ষাৰ্থী এই পথেৰে অহা-যোৱাৰ ক্ষেত্ৰত এতিয়া মহা সমস্যাত পৰিছে।
প্ৰেৰক ৰাজীৱ বৰুৱা
You might also like