নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাচভক হিন্দু সন্ত্ৰাসবাদী ৰূপে প্ৰতিষ্ঠা কৰিব বিচাৰিছিল কোনে ?

নিয়মীয়া বাৰ্তা, ১৮ ফেব্ৰুৱাৰীঃ মুম্বাইৰ প্ৰাক্তন আৰক্ষী আয়ুক্ত ৰাকেশ মাৰিয়াই তেওঁৰ শেহতীয়াকৈ প্ৰকাশিত গ্ৰন্থ ‘লেট মি চে ইট নাওত’ মুম্বাইৰ সন্ত্ৰাসবাদী আক্ৰমণৰ লগত জড়িত আজমল কাচভ সন্দৰ্ভত প্ৰকাশ কৰিছে কেতবোৰ বিস্ফোৰক তথ্য । গ্ৰন্থখনত প্ৰকাশ পোৱা অনুসৰি সমীৰ চৌধুৰী নামৰ হিন্দু নামত আছিল আজমল কাচভৰ এখন পৰিচয় পত্ৰ । যিটো দিনত মুম্বাই়ত সন্ত্ৰাসবাদীৰ আক্ৰমণ সংঘটিত হৈছিল সেইদিনা নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছিল এইগৰাকী আৰক্ষী বিষয়া ।

আৰক্ষী বিষয়া মাৰিয়াই কৈছে যে, কিদৰে তেওঁ আইএছআই আৰু লস্কৰ ই তৈবাৰ এই বিশেষ প্লটটি উন্মোচন কৰিছিল । দহজন সন্ত্ৰাসবাদীক প্ৰত্যক্ষ কৰি এনেকুৱা লাগিছিল যে তেওঁলোক হিন্দুৰ প্ৰতি অসন্তুষ্ট আছিল যাৰ বাবে তেওঁলোক ভাৰতৰ বিৰুদ্ধে আছিল । প্ৰতিজন সন্ত্ৰাসবাদীকেই ভুৱা পৰিচয় পত্ৰৰে হাতত ৰঙা সূতা বান্ধি ভাৰতলৈ প্ৰেৰণ কৰা হৈছিল বুলি উল্লেখ কৰে প্ৰাক্তন আৰক্ষী আয়ুক্ত গৰাকীয়ে ।

সন্ত্ৰাসবাদীকেইটাৰ মৃত্যুৰ পাচত যাতে হাতত থকা ৰঙা সূতা আৰু পৰিচয় পত্ৰৰ জৰিয়তে হিন্দু সন্ত্ৰাসবাদী বুলি ভাবে তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই পৰিকল্পনা ৰচনা কৰিছিল আইএছআই আৰু লস্কৰ-ই-তৈবায় । কিন্তু এই পৰিকল্পনা সম্পূৰ্ণ বিফল হৈছিল আৰু পৰৱৰ্তী সময়ত কাচভক সোধ-পোছ কৰাৰ অন্তত পোহৰলৈ আহিছিল এই তথ্য । ২৬/১১ কাণ্ডৰ এই তথ্য পোহৰলৈ অহাৰ পাচতেই এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ দেশত ।

You might also like